সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩০
৺শঙ্কৰদেৱ।

হেন প্ৰাণ-প্ৰভু   দৈৱকী নন্দন
 কৃষ্ণ অগতিৰ গতি।
তোমাৰ অভয়   চৰণ পঙ্কজে
 নিমজ্জোক মোৰ মতি॥ ৫১৩
আশা নদী মাজ   তল গৈলোঁ নাথ
 নপাইলোঁ দুখৰ পাৰ।
মই আতুৰক   তজু পদ নাৱে
 কৰিয়ো প্ৰভু উদ্ধাৰ॥
প্ৰভাতৰে পৰা   দিনান্ত পৰ্যন্তে
 বিষয়কে চিন্তে মন।
কৈসানিনো হুইবে   মিলিবে অকষ্টে
 বসন অন্ন ভূষণ॥ ৫১৪
মিছা বিতিৰেকে   সঞ্চা বাক্য নাসে
 হৰি হৰি কিনো ভৈলোঁ।
মিছা বিষয়তে   সুখ আশা কৰি
 দুখতে মজিয়া মৈলোঁ॥
ধনী নিৰ্ধনীৰ   দুইৰো সুখ নাহি
 আশা দুখে মজি মৰে।
বিষয়ৰ আশা   দুখ জানি নৰে
 কৃষ্ণ সেৱা সুখে কৰে॥ ৫১৫