পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৯
শ্ৰীমদ্ভগৱদ্‌গীতা

সুৱৰ্ণ মৃত্তিকা শিলা দেখয় সমান।
নিন্দা প্ৰশংসাত নাহি মান অপমান॥
জগতক হৰিময় দেখে আপোনাক।
সিকাৰণে গুণে নোৱাৰয় ছলিবাক॥১০৬১
শত্ৰুতো মিত্ৰতো সমভাৱ কৰি চিত্ত।
যাৰ মন সুস্থ ভৈল সেহি গুণান্বিত॥
গুণ কাৰ্য্য ইন্দ্ৰি কৰে মই তাত ভিন।
গুণত থাকিয়া যেন সখি উদাসীন॥১০৬২
সমস্তে এৰিয়া চিত্ত কৰিলেক সাৰ।
মোতে দৃঢ় ভক্তি কৰে এৰি ব্যভিচাৰ॥
কি কহিব সখি তাৰ ভক্তিৰ মহিমা।
ঘণীভূত হৈয়া ৰৈল ব্ৰহ্মাৰ প্ৰতিমা॥১০৬৩
মই ব্ৰহ্মা বুলিয়া সবাতে গৈল লয়।
সূৰ্য্যৰ মণ্ডল যেন প্ৰকাশ কৰয়॥
অধ্যায় তাৎপৰ্য্য মাত্ৰ জানা এহিমানে।
গুণ ভেদ নোহয় মোহোৰ ভক্তি বিনে॥১০৬৪
হেন জানি কৰা নৰ ভকতি প্ৰৱন্ধ।
বিনা ভক্তি সংসাৰৰ নছাৰয় বন্ধ॥
ভক্তি বিনে সাধন যে নাহিকে অপৰ।
ভক্তি কৰি তৰে ইটো সংসাৰ দুৰ্ঘোৰ॥১০৬৫
ভক্তিৰ সাধন অদ্য শ্ৰৱণ কীৰ্ত্তন।
সবাতো অধিক শ্ৰেষ্ঠ নামক স্মৰণ॥