পৃষ্ঠা:শ্ৰীমদ্ভগৱত্‌‌‌‌গীতা বা কৃষ্ণগীতা.djvu/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৬
শ্ৰীমদ্ভগৱদ‌্গীতা

ফলকো এৰি মোৰ কৰ্ম্ম কৰি।
সমস্ত প্ৰাণীক সম বুদ্ধি ধৰি॥
ভজিবা পূজিবা কৰিবা ইষ্ট।
পাইবা তেবে মোক কহিলো নিষ্ট॥৮৯৪
মোহোৰ কথাত হোৱয় ৰত!
সেহি যোগোত্তম ভক্তি সন্মত॥
ভক্তি বিনে মোক কহিতো নাই।
কৃষ্ণৰ মুখৰ বাক্য সদায়॥৮৯৫
গোবিন্দ মিশ্ৰে কৰে সাক্ষাত।
যেবে এৰা নৰ কালৰ হাত।
কৃষ্ণৰ চৰণে নেৰিয়ো মনে।
ৰাম কৃষ্ণ বোলা সমস্ত জনে॥৮৯৬

( একাদশ অধ্যায় সমাপ্ত )

____