পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
শ্ৰীক্ষেত্ৰ।

মহাসমাৰোহেৰে এটি এটিকৈ তিনিও জনা বিগ্ৰহ আনি তিনিখন ৰথত তোলে। প্ৰথমে বলভদ্ৰ, তাৰ পাচত সুভদ্ৰা, শেষত সুদৰ্শন চক্ৰ সহিত জগন্নাথক বৰি আনি ৰথাৰোহণ কৰায়। ৰথাৰোহণৰ সময়ত অনুমান হয় যেন স্বয়ং জীৱন্ত ভগৱান ৰথাৰোহণ কৰিবলৈ আহিছে। মূৰৰ কিৰিটি নাচি নাচি আহে। খোজে পতি সৰ্ব্বাঙ্গ শৰীৰ সৌন্দৰ্য্যশালী হৈ উঠে। ৰথাৰোহণৰ পাচত পুৰীৰ ৰজা বা ৰাজ প্ৰতিনিধিয়ে সাত্বিক কাপোৰ পিন্ধি সোণৰ বাঢ়ণীৰে ৰথ

ৰথ