পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৫। আধ্যা।

হৰি-হৰ যুদ্ধ।

 জ্বৰ সেনাপতিয়ে সসৈন্যে ৰণভঙ্গ দি পলাবৰ উপক্ৰম কৰা দেখি, মহাসুৰ বাণ নৰপতিয়ে সবেগে আগ বাঢ়ি আহি সিবিলাকক আগভেটি ধৰিলেহি। সেনাপতিৰ মুখে শ্ৰীকৃষ্ণৰ অদ্ভুত বল-বীৰ্য্য আৰু ৰণ- কৌশলৰ বৰ্ণনা শুনি দানৱৰাজ বাণ স্তম্ভিত হল। সেই বৰ্ণনাৰ সামৰণিত জ্বৰ সেনাপতিয়ে উদ্বেলিত ভাৱে এই বুলি বাসুদেৱ সম্পৰ্কে মন্তব্য ব্যক্ত কৰিলে,-“হে ভৈৰৱতনয় (১)! হে বলিনন্দন! হে সহস্ৰভুজ (২)! যাৰ লগত ৰণ দি পৰাস্ত হৈ পলায়ন কৰিছোঁ, তেওঁ মানুহ বুলি মোৰ মনে নধৰে, তেওঁ ঈশ্বৰাৱতাৰ বুলিহে মোৰ জ্ঞান হৈছে। সৃষ্টি ৰক্ষাৰ অৰ্থে ৰূদ্ৰৰ সংহাৰ কাৰ্য্য নিবাৰিবলৈ ৰণক্ষেত্ৰত স্বয়ং শ্ৰীবিষ্ণু অৱতীৰ্ণ হোৱা যেন হে মোৰ ধাৰণা হৈছে। এই ৰণত সমুখ হবলৈ আন কাৰো সাধ্য নাই; দেবাদিদেৱ মহাদেৱ স্বয়ং হব


(১) তপস্যাৰ বলত বাণাসুৰে দেবী পাৰ্ব্বতী মহাভৈৰবীৰ পুত্ৰত্ব লাভ কৰিছিল বুলি আখ্যা ইতঃপূৰ্ব্বতে লিপিবদ্ধ হৈ আছে। মহাভৈৰৱ আশুতোষ হৰ সদাশিৱই বাণৰজাক কাৰ্ত্তিকেয়ৰ অনুজতৃতীয় পুত্ৰ ৰূপে গ্ৰহণ কৰে।—“হৰিবংশ’’ ১৭৩ আধ্যা।

(২) “হৰিবংশ” আৰু পুৰাণাদিত বাণৰজা স্বৰূপতে সহস্ৰভুজ আছিল বুলিয়েই বৰ্ণিত হৈছে। কিন্তু, প্ৰকৃততে মহাবীৰ্য্যবান বাণ নৰপতিয়ে ৰণ-বিগ্ৰহাদিত সহস্ৰ বিধ ৰণাস্ত্ৰ ব্যৱহাৰ কৰাৰ আপাহত হে ৰূপান্তৰত তেওঁক সহস্ৰভূজ বোলা হয়।