পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হৰিহৰ-যুদ্ধ।
৫৯৫
 

মহেশ্বৰেও উপস্থিত ৰণত অপৰ পক্ষ সাক্ষাৎ হৰি জগদীশ্বৰৰ আগত কিমান পৰলৈ ঠাৱৰিব পাৰিব কব নোৱাৰিছোঁ।” এই বুলি সিমানৰেপৰা আকৌ পিঠি-দিয়া ৰণস্থললৈ উন্মাদৰ দৰে উৰাৱত হৈ উলটি আহি জ্বৰ সেনাপতিয়ে শ্ৰীকৃষ্ণচৰণত সকাতৰে শৰণ মাগিলেহি। ভকতবৎসল ভগৱান বাসুদেৱে সেই শৰণাগতক আশ্ৰয়-পদছাঁয়া দি গাঢ় আলিঙ্গনেৰে সাবটি ধৰিলে।

 “হৰিহৰ-যুদ্ধ’’ত পৃথিবী টলবলাবলৈ ধৰা যেন হল। সৃষ্টি ৰসাতললৈ যায়-যায় যেন লাগিল (১)। এনে আসন্ন কালত উপায়ন্তৰ হৈ বসুমতীয়ে সৃষ্টি ৰক্ষাৰ্থে সৃষ্টিকৰ্ত্তাৰ ওচৰত স্তুতি কৰা যেন বোধ হল (২)। তাৰ ফলস্বৰূপ, সৃষ্টি ৰক্ষাৰ্থে সৃষ্টিপালক কৃষ্ণৰূপী বিষ্ণু আৰু সৃষ্টিসংহাৰক বাণৰূপী হৰ বা ৰূদ্ৰৰ মাজত সৃষ্টিকৰ্ত্তাসুত (৩) দেৱৰ্ষি নাৰদ মুনিয়ে নৰবেশী হৰি-হৰৰ (৪) আগত এই বুলি ঐশশক্তিৰ বিৰোধবাদী কন্দল মাৰ নিয়াই সন্ধি সংস্থাপনৰ প্ৰয়াস পালে,—“হে নৰদেহী দেৱপ্ৰতিদ্বন্দীদ্বয়! আপোনাসকল প্ৰকৃতিস্থ হওক। মোৰ জৰীয়তে প্ৰেৰিত দৈববাণী শ্ৰৱণ কৰোক। আজি এই ৰণক্ষেত্ৰ কন্যাপুৰত হৰ আৰু হৰি প্ৰতিদ্বন্দী হৈ ৰণোন্মোত্ত হোৱাত সৃষ্টিৰ একাংশত প্ৰলয় উপস্থিতৰ আগন্তুক দেখা গৈছে। বিষ্ণুৰ অৱতাৰ কৃষ্ণ আৰু ৰূদ্ৰৰ তনয় বাণাসুৰ এনেহেন নৰোত্তমৰ মাজত ‘হৰি-হৰ ৰণ’ সদৃশ ভীষণ ৰণ উপস্থিত। তাৰ ফলত আজি মহাভৈৰৱৰ এই পৰম


(১) “হৰিবংশ’’, ১৮০-৮১ আধ্যা।

(২) এই অনুভবেই ‘বাণ-কৃষ্ণ’ ৰণক ‘হৰিহৰ-যুদ্ধ’ আখ্যা দিছে।

(৩) নাৰদ মুনি সৃষ্টিকৰ্ত্তা ব্ৰহ্মাৰ নাতি ৰূপে অভিহিত। সেই আপাহতে তেওঁক দেৱৰ্ষি বোলা যায়।

৩) বাণ-কৃষ্ণক লক্ষ্য কৰা হৈছে।