পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কুৰুক্ষেত্ৰ মহাৰণৰ আৰম্ভণ। 900 সাৰথিক ৰথচ্যুত কৰি তেওঁক মহাশঙ্কত পেলাইছিল, কিন্তু অদ্ভুত ৰণকৌশলী অভিমনুৰে অকলশৰেই মহাবীৰ বৃহৎবলক ৰণত বিচেষ্টা কৰিব লাগিছে।” যুদ্ধকৰ্তা ধৰ্মৰাজ যুধিষ্ঠিৰে স্বয়ং তেওঁৰ সমনীয়া মৰাজৰে সৈতে তুমুল সংগ্ৰাম পাতিছে। দুয়ো ধীৰ আৰু স্থিৰ যোদ্ধ। মৰাজে এবাৰ হেগ চাই তেওঁৰ প্ৰতিদ্বন্দীৰ হাতৰ ধৰু কাটি খণ্ড খণ্ড পেলাইছিল। কিন্তু যুধিষ্ঠিৰে ততালিকে আন এখন কোবাল ধনুত শৰ যোজনা কৰি মদ্ৰৰাজৰ ওপৰত শৰ-বৃষ্টি বৰষি তেওঁক অস্থিৰ কৰি পেলাইছে।” “একে সময়তে পাণ্ডৱ বাহিনীৰ ঘাইনে মহাবাহু ধৃষ্টদ্যুমই কৌৰৱ বাহিনীৰ গুৰি ধৰোত ৰাজগুৰু দ্ৰোণাচাৰ্যক বিষম আক্ৰোশেৰে আক্ৰমণ কৰিছেগৈ। আচাৰ্যদেৱে ততালিকে অভিমানী পাঞ্চাল ৰাজ কোৰৰৰ হাতৰ ধনু তীক্ষ্ণ অস্ত্ৰেৰে কাটি খণ্ড খণ্ড কৰি এপাত কালান্তক শৰেৰে কোৱৰক শালি পেলাইছিল; কিন্তু মহাবীৰ্য্যন্ত দ্ৰুপদনন্দন ধৃষ্টদ্যুমই তালৈ কটাহি নকৰি, চৈধ্য জাতীয় এপাত শৰেৰে দ্ৰোণাচাৰ্য্যকে বিদ্ধ কৰিলে। হে মহাৰাজ! দুয়ে সৌৱা দুটা উন্মত ষাৰৰ দৰে যুঁজিব লাগিছে।” সঞ্জয় মন্ত্ৰীয়ে যথাস্থানৰপৰা দিব্যচকুৰে (১) চাই চাই অন্ধৰাজ ধৃতৰাষ্ট্ৰক উপস্থিত সংগ্ৰামৰ হবহু বৰ্ণনা দি আকৌ এই বুলি কবলৈ ধৰিলে, “হে মহাৰাজ। ইমানলৈকে মই ঘাই ঘাই যোদ্ধাসকলৰ (১) কুৰুক্ষেত্ৰ মহাৰণৰ এই আৰম্ভণী হেচাত ভগবান শ্ৰীকৃষ্ণই যেখাত সাৰথিৰ কৰ্তৰ পালনত বাজে বিশেষ একো কৰা নাই। কিন্তু দৰাচলতে তেওঁৰ আদেশ-উপদেশ মতে যে পাপ মতিঝিৰ হৈ এই বলেলিত সেমাই ছিল। কৌৰৱ আৰু পা এই প্ৰতিবেশী দুপলৰ মাজত শ্ৰীকৃষ্ণ ৰগৰ আৰু মনিট দৰে জিলিফিলি।