পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৫৪ শ্ৰীকৃষ্ণ। পঠিয়াইছে। দুয়োপক্ষৰ ডব, ঘণ্টা, শিঙা, শঙ্খ, জয়ঢোল আদি ৰণৰাদ্যৰ সানমিহলি সুৰ, আৰু হাতী, ঘোঁৰা আদি ৰণবাহনৰ ভীষণ আৰাৰ সকলে একাকাৰ হৈ এটা অতি ৰোমাক বিকট ৰাৰ ৰণকেন্দ্ৰৰপৰা উঠি গোটেই গগণ নিনাদিত কৰিছে। আৰু যোদ্ধাবৰ্গৰ আস্ফালন আৰু দপনিত মেদিনী কঁপিব লাগিছে। (১) সেই হেগতে শান্তনুতনয় মহাকায় মহাবাহু ভীষ্মদেৱে বজ্ৰাস্ত্ৰ যেন ভীষণ অস্ত্ৰ যোজনা কৰি প্ৰৱল বেগেৰে গৈ তেওঁৰ সমকক্ষ পাণ্ড ধীৰ অৰ্জ্জুনক আক্ৰমণ কৰিছেগৈ। মহাতেজী অজেয় ধনঞ্জয় অৰ্জ্জুনেও সুতীক্ষ্ণ বৈষ্ণৱী অস্ত্ৰ যোজনা কৰি সুপ্ৰখ্যাত দুৰ্জয় গাণ্ডীৱ ধৰে সৈতে উলটি ধৰিছে। হে মহাৰাজ! সৌৰা, এই দুজন অসামান্য বীৰৰ থৈ ৰণৰ আস্ফালন-দপনিত ধৰাতল ৰসাতললৈ যাওঁ যাওঁ হৈছে। মাথোন, সৃষ্টিক্ষক জগৎপল স্বয়ং ভগৱন্ত স্বৰূপ সাৰথি শ্ৰীকৃষ্ণৰ পৰমানন্দ মূৰতিয়ে আসন্ন সময়ত আশ্বাস দান কৰিছে। এই দ্বৈৰথ ৰণত কেৱে কাকো হটাব পৰা নাই।” আন হাতে, শ্ৰীকৃষ্ণৰ সেনাপতি প্ৰখ্যাত ধৰ্ব্বীৰ সাত্যকিয়ে বিষম বিক্ৰমেৰে কৌৰৱৰ নায়ক অসামান্য ধনুৰ্ধৰ কৃতবৰ্মাক আক্ৰমণ কৰিছেগৈ। এই দুজন সমযোদ্ধাৰ তয়াময় যুদ্ধত ৰণভূমি টলবলাব লাগিছে। কেৰে কাকে পৰাস্ত কৰিব পৰা নাই, কিন্তু পৰম্পৰ শৰবিদ্ধ হৈ দুয়ে তেজেৰে ৰাঙ্গলী দুজুপি বসন্তকালৰ প্ৰফুল্ল কিংশুক ফুলৰ নিচিনাকৈ শোভা পাইছে!” সমযোদ্ধা বাছি লৈ একে সময়তে আজন্ম অদ্ভুত বীৰ মুদ্ৰানন্দন অভিমন্যুৰে কোশলাধিপতি বৃহুল বাঘৰ ওপৰত সিংহৰ পোৱালি যাদি পৰিছেগৈ। হে মহাৰাজ। মহাবল কোশল বাজে অভিমৰ ১) ভাৰতীগৰ, আখ্যা।