পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ

বান্ধি নৃত্য কৰাৰ এই অধ্যায় নামনিৰ ওজাপালী সকলে নকৰে। এই অনুষ্ঠান কৰোতে (খোলা, খল্টাৰ) মাজত ঢোল, জুলুকি তামোল পান পৰি মণ্ডপ তৈয়াৰ কৰা হয়। যদিওৱা মই আজিলৈ ৫২ বছৰ ওজাপালী পৰিৱেশন কৰিছো নামনিৰ কোনো ওজাদলৰ সংস্কৃতিৰ লগত এই সংস্কৃতি পৰিলক্ষিত হোৱা নাই। মই এই সম্পৰ্কে বিভিন্ন বিজ্ঞ পণ্ডিতৰ লগত আলাপ-আলোচনা কৰিয়ো সিদ্ধান্তত উপনিত হ’ব পৰা নাই। যদি এইয়া বাহ্যিকতা আমাৰ ক’বলগীয়া একো নাই, যদি শাস্ত্ৰৰ অঙ্গ হয় তেনেহলে নামনিৰ ওজাপালী সকলে ভুলৰ মাজত ডুব গৈ আছে। দেখা যায় এই নৃত্য কৰা সময়ত ওজাজনে বহি বহি পদ আওৰাই থাকে।

 এইবোৰৰ কাৰণেও সমাজত কিছু বিৰূপ মন্তব্য কৰাৰ থল আছে। একে ধৰণৰ সংস্কৃতিত ইমান তাৰতম্য কিয়? যদি এইবোৰ থলুৱা কোনো পৰম্পৰা বুলি কোৱা হয় তেনেহ'লে নতুন চামৰ ওপৰত ইয়াৰ কেনে ধৰণৰ প্ৰভাৱ পৰিব। লোককৃষ্টি বৈদিক প্ৰণালীৰে প্ৰৱাহিত। ইয়াক পৰম্পৰা বা ব্যক্তিগত বুলি কবলৈ গলে সংস্কৃতিৰ প্ৰতি নতুন সমাজখনৰ মন দোদুল্যমান হৈ পৰিব। দৰঙ্গীয়া বা নামনি বা নলবৰীয়া কৃষ্টি হ’ব নোৱাৰে। এই কৃষ্টি আমাৰ থলুৱা লোককলা কৃষ্টি। আগেয়ে উল্লেখ কৰা হৈছে স্থান বা অঞ্চলভেদে ভাষাৰ বা কথোপ কথনৰ তাৰতম্য হোৱাটো নুই কৰিব নোৱাৰি, কিন্তু মূল ৰাগ ৰাগিনী বা শাস্ত্ৰ সন্মত প্ৰণালীৰ হিনদেৰি হলে কলাবিধৰ ক্ষতি হোৱাটো নিশ্চিত।

 আন এটা দিশত দেখা যায় ওজাপালী ভাগ তিনিটা—

৬৭