পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ

 ১। ওজা
 ২। ডাইনাপালী
 ৩। পালী

 ইয়াৰ প্ৰথমে ওজাই লগাই দিব
 দিহা—ঐ এ জগত
 ডাইনাপালি — জীৱন ৰাম
 পালী হৰে হৰে শেষলৈ হহয়া ইত্যাদি

 ওজাৰ লগত ডাইপালী পদৰ ভাঙনি কৰিব৷ সেই সময়ত পালী সকলে সৰু সৰুকৈ তাল বজাই তালৰ মান জঙ্কাৰ আদি দি থাকিব। পদ ভাঙনি সময়ত পালী শিল্পীসকলে অন্য মনস্ক হৈ বা আন কোনো দৰ্শকৰ লগত কথা পাতি থকা বা বিড়ি আদি হুপি থকা সমাজৰ বাবে অশোভনীয় আৰু অবজ্ঞাসূচক।

 ডাইনাপালী তাল, মুদ্ৰা আৰু পদৰ বাখ্যা কৰিব পাৰে। ডাইনাপালীৰ অবৰ্ত্তমানত পালী এজনে ভাঙনী কৰা বা মুদ্ৰা আদি দিয়াৰ থল আছে।

 প্ৰায়বোৰ ওজা দলত সমপোচাক ব্যৱহাৰ কৰা হয়।

 পাৰ্থক্য দেখুৱাবলৈ হলে দৰঙ্গীয়া ওঝাসকলে ধুতি গেঞ্চি আৰু পালী সকলৰ মুৰত আৰু হাতত দুখনকৈ গামোচা ব্যৱহাৰ কৰা হয়। ডাইনাপালী জনেও চেলেং চাদৰৰ পৰিৱৰ্ত্তে গামোচা ব্যৱহাৰ কৰা দেখা যায়। ডাইনাপালীৰ দৰে পিচৰ শাৰীত থকা পালী সকলে হাতত গামোচা

এখন লৈ হাতেৰে অঙ্গি ভঙ্গি কৰা দেখা যায়। সিচৰিত হৈ নৃত্য বা দৰ্শকৰ

৬৮