পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ

দামী পৰিয়ালৰ পিতৃ-মাতৃ আজি বৃদ্ধাশ্ৰমৰ আলহী হ’ব লগা হৈছে। সচেতন ব্যক্তিসকলে সমাজৰ এই স্খলন সহজভাবে গ্ৰহণ কৰিব পাৰিছেনে।

পিতা স্বৰ্গ, পিতা ধৰ্ম
পিতাহি পৰমংঃ তপঃ
পিতৰি প্ৰীতিমা পন্নে
প্ৰিয়ন্তে সৰ্বদেৱতাঃ
জননী, জন্ম ভূমিস্ব
সৰ্গাদপি গৰীয়সী॥

 যি সমাজত এনেবোৰ গুৰুত্বপূৰ্ণ শাস্ত্ৰীয় নীতি চিৰাচৰিত ভাবে প্ৰৱাহমান তেনে সমাজৰ এই নীতি বহিৰ্ভূত কৰ্মই কিমান দিনলৈ পিতৃ- মাতৃ শব্দত সন্মান জনাব পাৰিব৷ সমাজখনৰ বাবে ই অকল দুখজনকে নহয় লজ্জাজনকো। পিতৃ-মাতৃক চিনি নোপোৱা ব্যক্তিৰে গঠিত সমাজখনত কিহৰ ছাঁ পৰিছে? কি মূল্যৰ বিনিময়ত জন্মদাতা পিতৃ-মাতৃ অনাদৰ কৰি ঘৰৰ পৰা বহিৰ কৰি দিয়া হৈছে।

 সমাজৰ এই স্খলন বিচাৰ কৰিবলৈ কাৰো আহৰি নাই। সমাজ ব্যৱস্থাত ঘূণে ধৰিছে। উচ্চ শিক্ষাই পাহৰাই পেলাইছে নৈতিক অধঃপতনৰ কথা। পাহৰাই পেলাইছে সকলোৱে এদিন পিতৃ হ’ব। যদি বৃদ্ধ বয়সত বৃদ্ধাশ্ৰমলৈ যোৱাতো পৰম্পৰা হৈ উঠে এই চিন্তা জ্ঞানপুস্থ সমাজৰ ব্যক্তি সকলে এবাৰ কৰি চাইছেনে?

 মাৰ্কণ্ডেয় পুৰাণত শুক্ৰিষ নামৰ মুনিজনে তেওঁৰ পুত্ৰ চাৰিজনক

৬৪