পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ

ওপৰত উল্লেখ কৰা মন্ত্ৰ দুফাকি দি কৈছিল যদি তোমালোকে পিতা স্বৰ্গ, পিতা ধৰ্ম মন্ত্ৰ দুফাকি হৃদয়ঙ্গম কৰি ল’ব পাৰা এই মন্ত্ৰৰ বলত তোমালোকে অসাধ্য সাধন কৰিব পাৰিব৷ এনেহেন সংস্কাৰমূলক অৰ্থপূৰ্ণ জ্ঞানৰ ভড়াল ওজাপালী সকলে সদায় প্ৰচাৰ কৰি আহিছে। এই সংস্কাৰ অনুধাৱন নকৰা সকলে জ্ঞান আৰু ধনৰ গৌৰৱত আপোন পাহৰা সকলৰ ঘৰতেই এনেকুৱা নীতি বিৰুদ্ধ কথাবোৰ ঘটিব ধৰিছে। কাৰবাৰ পিতৃ-মাতৃক অৱজ্ঞা কৰি ঘৰৰ পৰা উলিয়াই দিয়া, সকলোৰে এই ক্ষতি নহয়৷ এই দৃশ্যমান আদশ বাবে সমাজখনত ই এক ব্যধি হিচাবে পৰিগণিত হৈছে।

 অন্ধ পিতৃ-মাতৃক পাচিত বহুৱাই ভাৰ কৰি নিয়া দৃশ্য আমাৰ শাস্ত্ৰত উল্লেখ কৰিছে আৰু ঠাই ঠাই দেখা গৈছে পিতৃ আজ্ঞা পালি শ্ৰীৰাম চন্দ্ৰই ভাতৃ ভাৰ্য্যাক লগত লৈ বনবাসলৈ যোৱা কাহিনী কাৰো অবিদিত নহয়। এই কাহিনীবোৰো ওজাভাওৰীয়া এনেকি পুতলা নাচত দেখুওৱা হৈছে।

 তেনে স্থলত সমাজৰ এনে অধঃপতন কোনো জ্ঞানী ব্যক্তিৰ কাম্য নহয়।

 লোককলা ওজাপালী বা ভাওৰীয়া শিল্পী সকলৰ পৰিৱেশ্য অনুষ্ঠানত স্থানীয় ভাষাৰ প্ৰভাৱ বাৰুকৈয়ে অনুভৱ কৰিব পাৰি। লিখিত ভাষাৰ পৰিৱৰ্ত্তে গাৱলীয়া কথাৰ ঠাচ বা ধৰণে দলটোৰ স্থানীয় ভাষাৰ সুন্দৰ প্ৰতিফলন ঘটাই। আমি যদি কবলৈ যাওঁ দৰঙ্গীয়া ওজাৰ লগত

কামৰূপ বা নলবাৰী, বৰপেটাৰ শিল্পী সকলৰ যথেষ্ট পাৰ্থক্য দেখা যায়।

৬৫