পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লোককলা ওজাপালি আৰু সমাজ

 ৫। ভৈৰবী ৬। চিন্নমস্তা

 ৭। ধূম্ৰাৱতী ৮। বগলা

 ৯। মাতঙ্গী ১০। কমলা

  এই দশ অৱতাৰ নাৰী জাতিৰ শক্তিৰ এক গৌৰৱউজ্জ্বল ইতিহাস। প্রতিক্ষেত্ৰত উপলব্ধি কৰো শক্তিময়, স্থিতপ্রজ্ঞ নাৰীৰ সন্মোহনি বিশাল নাৰীত্ব। নাৰী পুৰুষ শ্ৰী, নাৰী উজ্বলতা, নাৰী আদৰ্শ।

 কেতিয়াবা নাৰী পৰা সুখ আৰু নীতি বহির্ভূত চৰিত্ৰৰ প্ৰতীকো নোহোৱা নহয় ৷ পৰিৱেশৰ দাস জনজীৱন। কেতিয়াবা পৰিৱেশৰ ওপৰত নতী স্বীকাৰ কৰি বহু নাৰী অজ্ঞান এন্ধাৰত ডুব যায় এখন অন্ধকাৰ জগতত বাস কৰি নাৰীৰ প্ৰকৃত গৌৰৱ ভূলণ্ঠিত কৰে। এইয়া এক ব্যতিক্ৰম আৰু মুক্তিমেয়।

নাৰী চৰিত্ৰ গঠনত সচেতনতা :

 শৈশৱৰ পৰা নাৰী চৰিত্ৰ গঠন হয় একমাত্র পিতৃ-মাতৃৰ অনুকৰণীয় চৰিত্ৰৰ ওপৰত। তাৰ কিছু উদাহৰণ এনে ধৰণৰ৷ যেতিয়া বেউলা লক্ষিন্দাৰৰ বিৱাহ সম্পন্ন হ’ল যেতিয়া বেউলা এখন নতুন ঘৰৰ বোৱাৰী হৈ যাবলৈ ওলাই তেতিয়া তেওঁৰ পিতৃ উজ্জয়িনীৰ ৰজা সাহে জীয়ৰী বেউলাক বুজাই কৈছিল—

দিহা :

শিক্ষাবুদ্ধি লৌ বাচা মনত ৰাখিলৌ
আমাৰ ঘৰৰ কথা পাচ কৰি থৌ।।