পৃষ্ঠা:লোককলা ওজাপালী আৰু সমাজ.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোককলা ওজাপালি আৰু সমাজ


তিনিটি ক্ষেত্ৰত নাৰী মূৰ্ত্তমেয় আৰু শ্বাশ্বত। ধর্মগ্রন্থ সমূহে সদায় সকিয়াই যেতিয়া জগতত দুস্কৃতিৰ প্ৰদুৰ্ভাৱ বেছি হয়। অন্যায়, অধর্ম গা কৰি উঠে তেতিয়াই এইবোৰ বিনাশৰ বাবে এখন সুস্থ শান্তিপূর্ণ সমাজ গঢ়িবলৈ প্ৰয়োজন হয় নাৰী শক্তিৰ। এই কথা আজিৰ নহয় অনাদি কালৰ পৰা নাৰী শক্তিৰ বিৱৰণ ধর্মগ্রন্থ সমূহে দাঙি ধৰিছে।

দুস্কৃতি নাশত নাৰীৰ ভূমিকা :  সৃষ্টিৰ আদি পাতনিত মধুকৈতভ অসুৰ বধৰ সময়ত মহামায়া আদিম প্ৰকৃতিৰ ভূমিকা আছিল উল্লেখনীয়। যুদ্ধত পৰিশ্ৰান্ত আদি নিৰঞ্জনে মহামায়াৰ শক্তিত মধুকৈতভ অসুৰত নিধন কৰিবলৈ সক্ষম হৈছিল। মহিষা অসুৰ বধত মা দুৰ্গাৰ অপৰিসীম শক্তিৰ কথা সৰ্বজন বিদিত। চন্দ, মুণ্ড, ৰক্তবীজ, সুম্ভ, নিশুম্ভ আদি দৈত্যুবোৰ যেতিয়া স্বেচ্ছাচাৰী হৈ উঠিছিল এই দৈত্য মানৱবোৰ নাৰীৰ বিভিন্ন ৰূপৰ হাতত মৃত্যু বৰণ কৰিছিল৷ এই কাহিনীবোৰে নাৰীৰ চিৰ গৌৰৱময় মহিমামণ্ডিত কাহিনী। ভগৱানৰ দশ অৱতাৰ :

 ভগৱানৰ দশ অৱতাৰ সম্পৰ্কে নতুনকৈ কোৱাৰ প্ৰয়োজনবোধ কৰা নাই৷ ই সৰ্বকালে সর্বজনবিদিত। কিন্তু নাৰী শক্তিৰ উদ্ভৱ হোৱা দশ অৱতাৰ সম্পৰ্কে কেৱল ওজাপালী মাধ্যমতহে প্ৰকাশ কৰা হয়। শিৱ ভাৰ্য্যা সতী, দক্ষ দুহিতাৰ জগত বিদিত ভয়ঙ্কৰ দশাৱতাৰ—

১। কালী
৩। মহাবিদ্যা

   

২। তাৰা
৪। ভূৱনেশ্বৰী

৬০