পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় পৰিচ্ছেদ। আজি বহাগ বিহু। ৰাতি পুৱাইছে নাথোন। সকলোৰে মনত অপাৰ আনন্দ। বিমান কালিমাৰ কলা ঢানি কাৰৰ হৃদয়ত পৰা নাই। চাৰিও ফালে জয় জয় ময় ময়। বৰ্মদেৱৰ নব আগমনৰ ফালে সকলোৱে প্ৰতীক্ষা কৰি আছে। লৰা- ছোৱালী, বুঢ়া-বুঢ়ী, ডেকা-ডেকেৰা সকলোৰে মন এই উৎসৱত যোগ দিবলৈ উলহ-মালহ। | দুদিন হ’ল, এগৰাকী সুবিজ্ঞ দৈনই ঘৰে ঘৰে বহি বৰ্ষফল ব্যকত কৰি গৈGে। কাৰো গৰ্ভত শনি সোমাইছে, কাকো বা কেতুৱে পাইছে। এজনৰ তাকে ভাগ্য ভোটাটি বিষাদ ভাৱৰত ডুব যাব। এইবোৰ শুনিব পাই কানে কাৰৰ মনত অলপ ভয়ৰ সঞ্চাৰ হৈছে আৰু সে ভয়ৰ পৰা অব্যাহতি পোৱাৰ আশাৰে কোনো কোনোৱে গ্ৰহ ৰাজৰ পূজা-পাটল আদি কৰিবলৈ দৃঢ় সঙ্কল্প কৰিছে। ব