পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সপ্তম আধ্যাা

হাততো “জোনাকী“ত মোৰ “আৰ্জি”, “চেনিচম্পা”, “কেকো ককা”, “জয়ন্তী”, “পুত্ৰবান পিতা” নামৰ সৰু গল্পবোৰ ওলায়।

 ২নং ভবানীচৰণ দত্ত লেনৰ মেছত থাকোতেই আমি ভ্ৰমৰঙ্গৰ ভাৱনা কৰোঁহক। ভ্ৰমৰঙ্গ ছেক্সপিযেৰৰ “কমেডি অব্‌ এবৰ্ছৰ“ অসমীয়ালৈ ভাঙনি। ৺ৰত্নেশ্বৰ বৰুৱা, শ্ৰীযুত ৰমাকান্ত বৰকাকতী, শ্ৰীযুত গজানন বৰুৱা, ৺ঘনশ্যাম বৰুৱা এই চাৰিজনে গোট খাই এই ভাঙনি কৰে। শ্ৰীযুত শিৱৰাম বৰদলৈ আৰু লেখক সহায়ক হয়। এই কাৰ্যত আগৰপৰা অন্তলৈকে ৺ৰত্নশ্বৰ বৰুৱাৰ বৰ উৎসাহ আছিল। ভ্ৰমৰঙ্গ নামটো শ্ৰীযুত শিৱৰাম বৰদলৈৰ দান। তেওঁ “ভ্ৰমৰং ভ্ৰান্তিমূলং” বুলি তাৰ সংস্কৃতি বুৎপত্তি (derivation) উলিয়াই আমাক হঁহুৱাইছিল।