পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
মোৰ জীৱন-সোঁৱৰণ

চাকোলা হ’ব। এই পুথিবোৰেই এই তিনিটা বিৰাট দেহৰ উৎপত্তি, বৃদ্ধি আৰু বিকাশৰ প্ৰধান সাক্ষী। * * *

 (৩) পুৰণি পুথিবিলাক আমাৰ পুৰণি ৰত্ন। ৰত্ন যেনেকৈ পুৰণি হলেও অকামিলা নহয়, বৰং তাৰ মোল বাঢ়েহে, সেইদৰে আমাৰ পুৰণি পুথিবিলাক আমাৰ আমোল সম্পত্তি। আমাৰ উপৰি-পুৰুষসকলে তাক আৰ্জি আমি পো-নাতিহঁতলৈ থৈ গৈছে। এতিযা আমি সেই বাপতি-সাহোন ৰাখি খাব লাগে। তাক কৰিব নোৱাৰিলে আমি তেওঁলোকৰ পো-নাতি বুলি কবৰ যোগ্য নহওঁ। * * * ভাৰত- বৰিষত ৩০০-৪০০ বছৰৰ আগেয়ে কেইটা জাতিৰ বোপা-ককাই অসমীয়াৰ দৰে ১২ স্কন্ধ ভাগৱত, ১৮ পৰ্ব মহাভাৰত, ৭ কাণ্ড ৰামায়ণ আৰু পুৰাণ-তন্ত্ৰাদি প্ৰায় ৫০০ খন পুথি নিজ মাতৃ-ভাষালৈ ভাঙি ৰচি থৈ গৈছিল? শুনিলে আচৰিত হব লগা কথা।’

 তৃতীয় বছৰৰ “জোনাকী”যে আকৃতি-প্ৰকৃতিত আৰু ৰচনা আদিৰ বিষয়ত বিস্তৰ উন্নতি লাভ কৰিছিল। এই বছৰৰ “জোনাকী”ৰ সম্পাদকতা কৰিবৰ ভাৰ এই লেখকৰ গাত সম্পূৰ্ণৰূপে পৰিছিল। প্ৰিয়বৰ শ্ৰীযুত হেমচন্দ্ৰ গোস্বামী আৰু “জোনাকী’’ৰ সৰ্বহ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাৰপৰা তেওঁ অৱশ্যে এই কাৰ্যনিবাহত যে অনেক সহায় পাইছিল, তাক কোৱা বাহুল্য মাথোন। ৺লম্বোদৰ বৰা, শ্ৰীযুত আনন্দচন্দ্ৰ আগৰৱালা (ৰায়বাহাদুৰ), ৺ৰত্নেশ্বৰ মহন্ত, শ্ৰীযুত কনকলাল বৰুৱা ( ৰাযবাহাদুৰ), ৺লক্ষেশ্বৰ শৰ্মা, শ্ৰীযুত ৰজনীকান্ত বৰদলৈ, ৺পাণীন্দ্ৰনাথ গগৈ ইত্যাদি প্ৰবন্ধেৰে জোনাকীৰ জেউতি চৰি পৰিছিল। ৺ৰত্নেশ্বৰ মহন্তৰ “মোৱামৰীযা বিদ্ৰোহ” নামৰ বহুমূলীয়া প্ৰবন্ধবোৰ এই বছৰৰ “জোনাকী”তে ওলাইছিল। শ্ৰীযুত হেমচন্দ্ৰ গোস্বামীৰ উল্লেখযোগ্য সুন্দৰ “জোনাকী” কবিতাই এই বছৰৰ প্ৰথম সংখ্যা “জোনাকী”ক প্ৰথমতে আদৰি নি ৰাইজৰ সভাত বহুৱাই দিছিল। এই লেখকৰ নগণ্য “পদুমকুঁৱৰী” উপন্যাসো এই বছৰৰ “জোনাকী”তে।

 চতুৰ্থ বছৰৰ “জোনাকী“ও এই লেখকৰ সম্পূৰ্ণ সম্পাদনাত পৰিচালিত। পঞ্চম বছৰত মই যদিও “জোনাকী”ত অনেক ৰচনা দিছিলো, কিন্তু সম্পাদক হৈ থকা নাছিলোঁ। “জোনাকী” ১৮নং আমহাৰ্ষ্ট ষ্ট্ৰীটৰপৰা সেই মেছবাসী অসমীয়া ছাতৰ- সকলৰ দ্বাৰা পৰিচালিত হবলৈ ধৰিলে। শ্ৰীযুত সোণাৰাম চৌধুৰী সেই বছৰৰ “জোনাকী’’ৰ প্ৰকাশক। যি হওক, প্ৰবন্ধগৌৰৱত এই বছৰৰ “জোনাকী”য়েও আগৰ কেইবছৰৰ “জোনাকী”ৰ সম্মান অক্ষুণ্ণ ৰাখিব পাৰিছিল বুলি মোৰ বিশ্বাস। ষষ্ঠভাগ “জোনাকী“ৰ প্ৰকাশক শ্ৰীযুত মীনধৰ হাজৰিকা। এই ভাগৰ সম্পৰ্কেও পঞ্চম ভাগৰ সম্বন্ধে কোৱা কথা নাখাটিবৰ কাৰণ নেদেখোঁ। ইয়াৰ পিছত “জোনাকী“য়ে আকাৰ সলাই ডাঙৰ আকৃতিৰে শ্ৰদ্ধাস্পদ সাহিত্যিক সুলেখক শ্ৰীযুত সত্যনাথ বৰা বি-এল্‌ ডাঙৰীয়াৰ সম্পাদকতাত গুৱাহাটীৰপৰা ওলাবলৈ ধৰে। তাৰপৰাই ৩ বছৰৰ ৩ ভাগ ওলাই “জোনাকী” চিৰকাললৈ অন্তৰ্ধান হয়। কোৱা বাহুল্য যে বৰা ডাঙৰীয়াৰ বিচক্ষণ