পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
ষষ্ঠ আধ্যা

“আনন্দ” লগোৱা “স্বামী’’ নাম লৈ, হিন্দু “গুৰু মহাৰাজ’’ হৈ বঙ্গদেশত শিষ্য-শিষ্যাণী ভজাই সুখ আৰু সন্মানেৰে জীৱিকা উপাৰ্জন কৰিবলৈ ধৰিলে। ৰামকুমাৰ বিদ্যাৰত্নই “উদাসীন সত্য-শ্ৰৱাৰ আসাম-ভ্ৰমণ” নামেৰে এক সুপাঠ্য কিতাপ বঙলা ভাষাত ৰচনা কৰিছিল।

 অসমৰ সুযোগ্য সন্তান শ্ৰীযুত মাণিকচন্দ্ৰ বৰুৱা আৰু সুবিখ্যাত আনন্দৰাম ঢেকীয়ালফুকনৰ পুতেক অন্নদাৰাম ঢেকীয়ালফুকনে “বৰুৱাফুকন ব্ৰাদাৰ্ছ’’ নাম দি গুৱাহাটীত সাউদৰ ব্যৱসায় খুলিছিল। শ্ৰীযুত ভোলানাথ বৰুৱা (পিছত বিখ্যাত সদাগৰ বি. বৰুৱা) সেই ব্যৱসাষৰ কাঠৰ “বিজনেছ” বিভাগৰ মেনেজাৰ আছিল। “বৰুৱা-ফুকন ব্ৰাদাৰ্ছ”ৰ বেহা-বেপাৰ খুব ডাঙৰভাৱে ভাল ৰকমেই চলিছিল। তেওঁ- লোকৰ সৰু জাহাজ এখনো আছিল। বাস্তৱিকতে য়ুৰোপীয় ধৰণেৰে অসমত বেহা- বেপাৰৰ প্ৰথম পথপ্ৰদৰ্শক (pioneer) বৰুৱা-ফুকন ব্ৰাদাৰ্ছকেই বুলিব লাগে। দুখৰ বিষয় অন্নদাৰাম ঢেকীযালফুকন অকালত কালৰ গৰাহত পৰিল। মাণিকচন্দ্ৰ বৰুৱাৰ জ্যেষ্ঠ ভ্ৰাতা সুবুদ্ধিমান ফটিকচন্দ্ৰ বৰুৱা গৱৰ্ণমেণ্টৰ উচ্চপদস্থ কৰ্মচাৰী আছিল। তেওঁৰ বিচক্ষণ বুদ্ধি আৰু উপদেশ মাণিকচন্দ্ৰৰ ব্যৱসায়ৰ এটা ঘাই ধৰণী- স্বৰূপ আছিল। ফটিকচন্দ্ৰ বৰুৱাৰো অকালতে মত্যু হ’ল। ফটিকচন্দ্ৰ বৰুৱাৰ মৃত্যুত অসম দেশৰ যি ক্ষতি হ’ল, সেই ক্ষতি পূৰাব নোৱাৰা। আৰু বাস্তৱিক পক্ষত ফটিকচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ পিছৰপৰাই মাণিকচন্দ্ৰ বৰুৱাৰ ব্যৱসায়ৰ অৱনতি ঘটিল।

 “বৰুৱা-ফুকন ব্ৰাদাৰ্ছ”ৰ পৃষ্ঠপোষকতাত সুপণ্ডিত হেমচন্দ্ৰ বৰুৱাই গুৱাহাটীৰপৰা “আসাম-নিউচ” নাম দি সাদিনীয়া ইংৰাজী অসমীয়া বাতৰি কাকত এখন উলিযায়। হেমচন্দ্ৰ বৰুৱাৰ কাপৰ গুণত “আসাম নিউচে” অতি শীঘ্ৰে ওখ ঠাই অধিকাৰ কৰিলে। সকলোৱে অতি আগ্ৰহেৰে সেই কাকত লৈছিল আৰু পঢ়িছিল। ইয়াৰ আগৰেপৰা “আসাম-বিলাসিনী” নামেৰে এখন মাহেকীয়া অসমীয়া বাতৰি কাকত আউনীআটি সত্ৰৰপৰা ওলাই আছিল। আউনীআটি সত্ৰৰ অধিকাৰ অশেষ গুণসম্পন্ন প্ৰগাঢ় পণ্ডিত পৰম-বৈষ্ণৱ দণ্ডেদেৱ পুৰুষৰ “আসাম বিলাসিনী” এটি সুকীৰ্তি। কিন্তু “আসাম-বিলাসিনী”ৰ বাক্য-বিন্যাস প্ৰণালী, বিষয-নিৰ্বাচন আদি কাৰ্যই উঠি অহা শিক্ষিত ডেকা তৰপৰ মন হৰণ কৰিব পাৰিছিল বুলি ক’ব নোৱাৰোঁ। তাত অনেক সময়ত ব্যক্তিগত আক্ৰমণে ঠাই পোৱাত প্ৰাচীন সকলৰ মনতো যে সি যথোচিত সমাদৰৰ ঠাই অধিকাৰ কৰিব পাৰিছিল এনে নহয়। সেই নিমিত্তে তেনেকুৱা দোষবিবৰ্জিত,অথচ ৰসাল ভাষাৰে সুলিখিত বৰ্তমান কালোপযোগী “আসাম নিউচ’’ ওলালত সকলোৰে মনত হৰ্ষ হ’ল।

 “আসাম-নিউচ”খন ভালকৈ পঢ়া ৰোগে মোক বৰকৈ ধৰিছিল। কেতিয়া “আসাম-নিউচ’’ আহিব মই বাটলৈ চাই থাকোঁ আৰু এটাইৰে আগেয়ে মই কাকতখন মেলি পঢ়োঁ বুলিলে ঠিক কোৱা নহয়, গিলোঁ বুলিলেহে ঠিক হ’ব। বাস্তৱিকতে “আসাম-নিউচ’’ পঢ়ি তাৰ অসমীয়া লিখাৰ গঢ়ৰ ফালে ভালকৈ মন দিহে প্ৰথমতে মই