পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
মোৰ মাতৃমুখ দৰ্শন

ওখ বাটচৰাটো ক’লৈ গ’ল? তাৰ পৰা ঘৰলৈকে দীঘলীয়া বাটৰ দুই কাষে থকা দুশাৰী নাহৰ গছ নেদেখোঁ দেখোন? বাটৰ মুখৰ সেই প্ৰকাণ্ড জৰী গছজোপা কোনে চুৰ কৰিলে? দেউতাৰ দৰবৰ ঘৰ, চৰাঘৰ, গোসাঁইঘৰ, ৰান্ধনিঘৰ, মাৰলঘৰ, বৰঘৰ প্ৰভৃতি ক’ত মাৰ গ’ল? দৰবৰ ঘৰৰ সমুখত থকা কাঞ্চনফুল গছজোপাৰ দেখোন চিনমোকাম নাই। বৰঘৰৰ মূধৰ ফালে থকা বৰ আম গছজোপা দেখোন লুপ্ত। তাৰ পৰা পাৰি ডাঙৰ পকা আম খোৱা মোৰ এতিয়াও মনত আছে। ভিতৰৰ ফালে সোমাই গৈ দেখিলোঁ পুখুৰীটোৰ নান্নং নবস্ত্ৰং নৰবাৰিপাত্ৰং অৱস্থা। তাৰ দেখোন জকাটোহে বাকাটোহে বাকী। পুখুৰীৰ পাৰ কেইটা খহি জহি পুখুৰীটো দেখোন পুখুৰী গুচি ডাঙৰ খাল নে ডোং কিবা এটাতহে পৰিণত হবলৈ গ’ল। মোৰ সৰুকালত এই পুখুৰীযেই অশেষ লীলাখেলাৰ থল আছিল বুলি আজি মই শপত খাই ক’ব পাৰো নে? যিটো পুখুৰীত মই শপত খাই ক'ব পাৰো নে। যিটো পুখুৰীত মই সাঁতুৰি, জপিযাই খৰ মাৰি বুৰ মাৰি, নাও খেলাই তোলপাৰ লগাই দিছিলোঁ, সেইটো পুখুৰী সঁচাকৈযে এইটোৱেই নে? পাৰৰ তেঁতেলীজোপাই বা গ’ল ক’লৈ? তামোল গছ আৰু কঠাল গছজোপাক বা কোন অজগৰে গিলিলে? যি তেঁতেলীজোপাৰ ডালত মই দুপৰীযা ফস্তি জুৰি শুই থাকি, আবেলি সেই আৰাম পৰিহাৰ কৰি উঠি তাৰ পৰা জাপ মাৰি পুখুৰীত পৰি নানা বিধ জলক্ৰীড়া কৰিছিলো, সেই তেঁতেলীৰ অন্তৰ্দ্ধান মোৰ পক্ষে নিতান্ত অসহ্য। আমাৰ ঘৰৰ কাক সুধিম—হেৰা অমুক। হেৰা তমুক। তোমালোকে জানা যদি কোৱাচোন এই পুখুৰীৰ আদখিনি গা আবৰি থকা সেই মোৰ মৰমৰ তেঁতেলীজোপা ক’লৈ গ’ল? এনে বেজাৰ বুকুত লৈযেই বঙালী পৰিব্ৰাজক কৃষ্ণপ্ৰসন্ন সেনে যমুনা নৈখন দেখি গাইছিল —“যমুনে। এই কি তুমি সেই যমুনা প্ৰবাহিনী।” ইত্যাদি। ইযাৰ পিছত আমাৰ মাজুককাইদেও ৰাযছাহাব শ্ৰীযুত জগন্নাথ বেজবৰুবা আৰু তেওঁৰ পুতেক নাতিয়েকহঁতক চাই, তেওঁৰ তাতে অলপ বহি জিৰাই শতাই বাহিৰলৈ আহি চহৰ ঘূৰিবলৈ গ’লোঁ। কিন্তু চহৰৰ যলৈকে যাওঁ, ত’তে আগৰ চিন-চাব একো নেদেখোঁ। অৱশ্যে উদ্গ‌তিৰ ফলত যে পুৰণি চিন-চাব নাইকিযা হৈছে নহয অধোগতিৰ বলতহে। ডিবুৰুগডৰ পৰা আহোঁতে বাটত মই যিবোৰ চিত্ৰ মনত আঁকি আহিলো, সেইবোৰ সেপাই মচ খালে। মোৰ আগত এখন আচহুৱা ডালদৰিদ্ৰ শিৱসাগৰ হাজিৰ হ’লহি। বিৰক্ত হৈ মনৰ ভিতৰতে ক'লোঁ—“ৱেল! হাম এহি শিৱসাগৰ নাহি মাংতা! হামাৰা পুৰণা শিৱসাগৰকু দেখলেও’’ কোনে মোৰ কথা শুনে! কোনেই বা এই ফপহুৱা হাকিমৰ হুকুম তামিল কৰে!!

 আগৰ তৰফৰ মানুহ যাক মই চিনিছিলো জানিছিলো, তাৰ দুজন কি এজনৰ বাহিৰে কোনো নাই। মোৰ মনৰ পটত চিত্ৰিত হৈ থকা শিৱসাগৰক কালৰ অনন্ত কোটী উযে খাই ধ্বংস কৰিলে। মোৰ বুকুৰ জপাত সুমাই থোৱা শিৱসাগৰক নিগনি