পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
মোৰ মাতৃমুখ দৰ্শন

তেনেবোৰ অসংযত কথাই মোৰ অসংযত মনত খেলিছিল। মনৰ বাঘজৰীডাল ঢিলা হলেই যে এনে অসংযত চেকুৰ মোৰ মনে মেলে, এইটো সদায মই দেখি আহিছোঁ। এতেকে এনে কথা উচপিচালে নচলে। যি হওক কৱিৰ সঙ্গ আমাৰ যাত্ৰাৰ পক্ষে শুভ বুলি ধৰি মই গাড়ীত উঠিলোঁ। কৱিক অন্তৰ্গত কৰি মটৰগাড়ীখনে মোৰ দৰেই কিবা ভাবিছিল নেকি কব নোৱাৰোঁ, আৰু ভাবিছিল যদিও জোখতকৈ নিশ্চয অলপ বেছিকৈ ভাবিছিল। ফলত আমাৰ থকা ঘৰৰ পৰা এখনমান গৈয়েই গাড়ীখনে দুৰ্ভাৱনাৰ অতিশয্যাত, গোট খোৱা তপত ভাববোৰ তাৰ চকৰি এটাৰ ৰবৰ টায়াৰ এটাই সোঁসোঁকৰে উলিয়াই দিলে। আমি বিমোৰত পৰিলোঁ। শ্ৰীমান ৰোহিণীকুমাৰ বোপাৰ তাল সদায ঠিক থাকে কি গান, কি কামত। আমাৰ তাল কাটি গৈছিল যদিও, তেওঁৰ নাকাটিল। তেওঁ লৰালৰিকৈ গৈ কিছুমান বেলিৰ মূৰত চকৰিটোত নতুন টায়াৰ এটা লগাই আনি গাডীক পুনৰায গতি প্ৰদান কৰি পুনৰ যাত্ৰা সুৰ- সুৰীয়া কৰি পেলালে। কথাতে কয, এবাৰ সাপে খাপে খালে কেচুলৈকো ভয় হয। এইবাৰ মই সাৱধান হলোঁ, যাতে কৱিতাৰ ষ্টীম অৰ্থাৎ ভাপ মোৰ মনত জোখতকৈ বেছি গোট নাখায। কিন্তু সমস্যা উপস্থিত হ'ল, আমাৰ কৱিজনাৰ কৱিতাৰ ভাবৰ ভাপত ভেটা দিযা যায কেনেকৈ? তেওঁক খোলাখুলিকৈ কলে কিজানি তেওঁ বেযাকে পায। কবিৰ মনকুসুম কোমল মোৰ ধাৰণা, আন ভাপৰ কথাকে নালাগে কৱিৰ মনক তপত ভাপৰ ধোঁৱায়েই খায়। হাক বচনৰ বিষম ভাপে সেই মনক কোবালে সি যে জঁয পৰি যাব তাত বিচিত্ৰ কি? অলপ-অচৰপ Hypnotisn অৰ্থাৎ সম্মোহন বিদ্যা মোৰ জনা আছিল। Will Power অৰ্থাৎ ইচ্ছাশক্তিকো অলপ-অচৰপ চলাবলৈ শিকিছিলো। তাৰে আশ্ৰয ললোঁ। কৱিয়ে গমকে নোপোৱাকৈ চাবলৈ ধৰিলোঁ। মনে মনে মোৰ ইচ্ছাক্তিযে আদেশ দিবলৈ ধৰিলে, “কৱিতা নাহিবি। কৱিতা তই দগাবাজ। তই চোৰ। তই ডকাইত। দগাবাজ চোৰ-ডকাইতৰ ঠাই পোতাশালহে। আমি উঠি যোৱা ডজ কোম্পানীৰ বিনিৰ্ম্মিত মটৰগাড়ী নহয। আমাক মৰমৰ কৱিৰ কোমল হিযাত সম্প্ৰতি তই উদ্ভণ্ডালি নকৰিবি। মোৰ দৰব ফাপিলে। আমাৰ দুইৰো মনত কৱিতাৰ সোঁত বন্ধ হ’ল। কৱিতাক বনবাস দি গাডীৰ গতিৰ লগতে মোৰ মনৰ গতিকো লগ লগাই দিলোঁ। মোৰ মনক কলোঁ—Forward march আগবঢ়া। চট্‌ৰবটৰ নকৰিবি। মন সুৰসুৰ কৰে গাড়ীৰ চকৰিৰ লগেভাগে ঘূৰিবলৈ ধৰিলে। গাড়ীও শিৱসাগৰমুৱা হ'ল। ভাবিবলৈ ধৰিলোঁ:— -আজি মই শিৱসাগৰলৈ যাব লাগিছোঁ। মোৰ মৰমৰ সেই ৰংপুৰ শিৱসাগৰ— যি শিৱসাগৰতে মই ডাঙৰদীঘল হৈছিলোঁ। আৰু দুঘণ্টামানৰ মৰত মই সেই শিৱসাগৰ পামগৈ। হে মোৰ শিৱসাগৰ। কত কাল মই তোমাক দেখা নাই। আজিকালি তোমাক দেখিবলৈ কেনে হৈছেগৈ? তোমাৰ প্ৰত্যেক ডোখৰ ঠাই মোৰ চিনাকি। তোমাৰ গাৰ ওপৰত গজা প্ৰতিডাল গছ-গছনি মোৰ সকালত বুকুৰ বান্ধ আছিল, তুমি জানা। নিৰ্মল চপচপীয়া পানীৰে মহিমামণ্ডিত বিশাল বৰপুখুৰীটো তুমি নিশ্চয় আজিও বুকুত লৈ শান্তি লভিছা। সোণৰ কলচীৰে জলমলীয়া শিৱদলটো আৰু