পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
পৰিশিষ্ট

নালাগিলে সহজে সি নমৰে। তাৰ পিঠিৰ নোম প্ৰায ছ আঙুলমান দীঘল। অনেক সময়ত গুলী তাৰ নোমৰ ভিতৰেদিয়েই এসোপা নোম সৰাই ওলাই গুচি যায়। গাত নালাগে। আজি পাঁচ মাহমান হ’ল, মোৰ বন্ধু এজনে এখন হাবিত খেদা চিকাৰৰ বন্দবস্ত কৰি মোক তেওঁৰ লগত লৈ গৈছিল। তেৱোঁ এখন চাঙত মইও তেওঁৰ অলপ দূৰতে আন এখন সুকীয়া চাঙত। খেদা আৰম্ভ হওঁতে নহওঁতেই দেখিলোঁ হঠাৎ ভালুক এটা মোৰ পাছ ফালৰ পৰা ওলাই আহিল। তাৰ আবিৰ্ভাৱ খেদাৰ ফলত নিশ্চয় হোৱা নাছিল। কাৰণ খেদা মোৰ সন্মুখৰ ফালৰ পৰা মোৰ ফালে আৰম্ভ হৈছিল। খেদাত অহা জন্তু মোৰ সন্মুখতে ওলালহিহেঁতেন। আৰু তেতিযা খেদা কৰা মানুহবোৰো এমাইলমান দূৰত। মোৰ পাছফালে মোৰ চাঙৰ পৰা প্ৰায় ১০০ হাত মান দূৰত ভালুকটো থিয় হ’লহি। মই ৪০৫ উইনচেষ্টৰ ৰাইফলেৰে তাৰ গালৈ গুলী এটা মাৰি পঠিযালোঁ। ভালুকটোৰ গাত গুলী লাগি সি ভয়ানক চিঞৰিবলৈ ধৰিলে মই ভাবিলোঁ সি নিশ্চয় মৰিব; মিছাতে আৰু গুলী খৰচ কৰিবৰ সকাম নাই। কিন্তু অলপ পৰ পিছতে ভালুক পৰ্ব্বতৰ ফালে লৰ দি পৰ্ব্বতত উঠি যাবলৈ ধৰিলে, আৰু নেদেখা হ’ল। খেদাৰ ওৰ পৰিলত মই মোৰ চাঙৰ পৰা নামিলোঁ। আৰু বন্ধুজনেও তেওঁৰ চাঙৰ পৰা নামি মোৰ ওচৰলৈ আহিল। তেতিষা আমি দুযো সাতোটা আঠোটা মানুহ লগত লৈ গুলী খোৱা ভালুকটো বিচাৰি গ’লোঁ। দেখিলোঁ সি গুলী খোৱা ঠাইৰ পৰা যেনি যেনি পৰ্ব্বতত উঠিছিল। গোটেই বাট তাৰ তেজেৰে তুংৰলি হৈ গৈছে। আমি সেই তেজৰ চিন ধৰি পৰ্ব্বতৰ ওপৰত প্ৰায এমাইলমান বাট গলোঁ, কিন্তু শেহত হঠাৎ তেজ নেদেখা হলোঁ। সেইখিনিৰ পৰাই কেনি ফালৰি কাটি কৰবাত লুকাই পৰি মৰিলগৈ তাত সন্দেহ নাই। কাষৰে- পাঁজৰে অনেক বিচাৰিও তাৰ উৱাদিহ নাপাই উভতি গুচি আহিলোঁ। মোৰ বৰ ভুল হৈছিল যে মই ওপৰা-উপৰিকৈ আৰু দুটা মান গুলী তাৰ গাত নামাৰিলোঁ। বাস্তৱিকতে সি গুলী খাই কেনেকৈ চিৎপতলং হৈ পৰিছিল, মই ভাবিছিলোঁ, সি আৰু উঠিব নোৱাৰে। গুলী নমৰাৰ আৰু এটা কাৰণ আছিল। সেই দিনা মোৰ হাতত ৰাইফলৰ গুলী মাথোন তিনিটাহে আছিল। মই ভাবিলোঁ ইকনমি কৰি গুলী খৰচ নকৰিলে অৰ্থাৎ হাত উবুৰিযাই দিলে, আৰু যদি জন্তু ওলায়হি, তেন্তে কিহেৰে মাৰিম। আচলতে সেই দেখি মই চিকটা হৈ পৰিছিলোঁ। চিকটা হোৱাৰ ফল হাতে হাতে পালোঁ। চিকটাই শাকত নাখায় লোণ, কিন্তু তাৰ পিটিকাত যায় তিনিগুণ। যিহওক চিকাৰলৈ যোৱা চিকাৰীসকলে এইটো মনত ৰাখিবলগীয়া যে, অন্ততঃ তেওঁৰ হাতত যেন আঠোটো গুলীৰ কম নাথাকে।

 এবাৰ সম্বলপুৰলৈ আহোঁতে কবি বন্ধু এজনে মোক কৈছিল যে, তেওঁ হেনো কিতাপত পঢ়িছে, যে ভালুক বৰ মৰমিয়াল জন্তু। সি মানুহক মৰমহে কৰে। মই তেওঁক উত্তৰ দিছিলোঁ যে ভালুকৰ মৰম বিচাৰি তেওঁ যেন ভালুকৰ কাষ নাচাপে। যতবিলাক হিংস্ৰ জন্তু আছে, তাৰ ভিতৰত ভালুক অতি দুৰন্ত। তাক নোজোকালেও সি জোকায়। অৱশ্যে মানুহৰ তেজৰ সোৱাদ পোৱা বাঘৰ কথা বেলেগ। মোৰ

২য়-৬