পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
মোৰ জীৱন-সোঁৱৰণ

তিনিটা চাৰিটা গাড়োৱান আৰু কৰতীয়াই ভালুকৰ হাতত প্ৰাণ দিছে। এবাৰ পুৱা ৯ মান বজাত তিনিটা গাড়োৱানে হাবিৰ ভিতৰত সোমাই সিহঁতৰ গাড়ীত মোৰ শ্লীপৰ বোজাই দিওঁতে, হঠাৎ ভালুক এটাই আহি এনেকৈ গাডোৱান এটাক আক্ৰমণ কৰিলে যে তাৰ পেটৰ পৰা মূৰলৈকে ছাল বখলিয়াই দিলে। এই ফালৰ মানুহৰ যেনে গঢ়গতি লগৰীয়াটোক ভালুকৰ হাততে এৰি বাকী গাডোৱান দুটাই ফাট মাৰিলে। পিছত খবৰ পাই ঋক্ষৰাজৰ দ্বাৰাই আক্ৰান্ত মানুহটোক মই সম্বলপুৰৰ আস্পাতাললৈ লৰালৰিকৈ পঠিয়াই দিলোঁ। কিন্তু সি নিজীলে। আৰু দুটা কৰতীয়াৰ এনে বিপদ ঘটিছিল। এটা হাস্পাতালত ভাল হ’ল,আনটো মৰিল।

(৪)

 এই বাৰ জামৰাত চিকাৰৰ ঠিক কৰিলোঁ। জাম্‌ৰা বোলা ঠাইডোখৰৰ সম্বল- পুৰৰ পৰা আঠমাইল মান দূৰত, আৰু মহানদীৰ পাৰত। জামৰাৰ ওচৰতে মহা- নদীৰ মাজুলী এটা আছে, তাৰ নাম হীৰাকুদ। আগৰ কালত সম্বলপুৰৰ ৰজাৰ দিনত হীৰাকুদৰ পৰা হীৰা পোৱা গৈছিল। কিছুমান মানুহৰ বাব আছিল, তাৰ পৰা বিচাৰি বিচাৰি সিহঁতে হীৰা আনি ৰজাক যোগান দিয়াটো। দেশী ৰজা গল, লগে লগে সেই কাম কৰা মানুহো মৰিহাজি অন্ত হ’ল আৰু পৰা হীৰা বিচাৰি অনা কাৰ্যৰো ওৰ পৰিল। সেই মানুহবোৰৰ পো-নাতিবোৰে বোপা-ককাৰ কাৰ্য আজিকালি পৰিত্যাগ কৰি আন কামত ধৰিলে, আৰু হীৰাকুদত হীৰা ক’ত পোৱা যায়, আৰু কেনেকৈ বিচাৰি উলিয়া হয়, তাৰ সম্ভেদ সিহঁতে এতিয়া একোকে নাজানে। সম্বলপুৰৰ পৰা পোন্ধৰ মাইলমান দূৰত ধামা বোলা এখন ঠাইৰ ডাকবঙলা এটাত এদিন মই থাকোঁতে, এটা মানুহে নকটা-হীৰা এখন মোক দেখুৱাই কৈছিল যে সেইখন তাৰ বাপেকে হীৰাকুদত পাইছিল, আৰু তাৰ ঘৰত তেতিয়াৰে পৰা সেই হীৰাখন আছে। যদি ভাল বেচ পোৱা যায়, সি হীৰাখন বেচিবলৈ সাজু আছে। মই তাৰ হীৰাখনৰ কিমান বেচ বুলি সুধিলত সি এনে এটা অসম্ভৱ বেচৰ নাম কাঢ়িলে যে মই ৰসতে নাম থৈ হুহকি পৰিলোঁ। সি গুচি গ'ল আৰু তাৰ পিছত শুংসুত্ৰও মই হেৰুৱালোঁ।

 ঘামকালি। মহানদীৰ পাৰত থকা ডাঙৰ ডাঙৰ আম গছৰ থুপৰ তলত আমি আমাৰ বাহৰ কৰালোঁ। ৰম্য ঠাই। সি মহানদীৰ কথা কীৰ্ত্তন ঘোষাৰ ওৰেষা খতত মহাপুৰুষ শ্ৰীশঙ্কৰদেৱে এইদৰে বৰ্ণনা কৰিছে—৷

“দেখিল স্থান সব অনুপাম।
আছ তীৰ্থ মহানদী নাম।
লোকৰ কৰিয়া পাপ উপান্ত।
দক্ষিণ সাগৰক বহি যান্ত।৷
গঙ্গাৰ সমান তীৰ্থ নিঃশেষ।
দুয়ো কুলে আছে অনেক দেশ।৷