পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
মোৰ জীৱন-সোঁৱৰণ

 ১৬ অক্টোবৰ—গোলাঘাটত কমাৰবন্ধা আলি ষ্টেশ্যনত নামিলোঁ। শ্ৰীনাথ ককাইদেৱে তাৰেপৰা মোক আগবঢ়াই নিলে। তেওঁৰ ঘৰতে থাকিলোঁ। তাতে মাতৃদেৱীক দেখি মোৰ অপাৰ আনন্দ হ’ল।

 ১৭ অক্টোবৰ—গোলাঘাটত। তাতে ১৯ তাৰিখলৈকে আছিলোঁ।

 ২০ অক্টোবৰ—গোলাঘাট এৰি যোৰহাটলৈ গলোঁ। তাত ২৪ তাৰিখলৈকে শ্ৰীযুত গোবিন্দ ককাইদেৱৰ লগত আছিলোঁ।

 ২৩ অক্টোবৰ—শ্ৰীযুত জগন্নাথ বৰুৱাৰ ঘৰত গোবিন্দ ককাইদেওৰে সৈতে নিমন্ত্ৰণ খালোঁ। দুইৰো ভিতৰত কিছুদিনৰ পৰা হোৱা মনোমালিন্য গুচাই দুইকো ভালকৈ মিলাই দিলোঁ।

 ২৪ অক্টোবৰ—তাৰপৰা ককিলামুখত ‘পেঙ্গুইন’ নামৰ জাহাজত উঠি ডিবুৰুত। শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাই মোক জাহাজ ঘাটৰেপৰা আনিলেগৈ। ডিবুৰুত শ্ৰীযুত জগন্নাথ ককাইদেওৰ ঘৰত থাকিলোঁ।

 শুনিলো গোলাঘাটত শ্ৰীনাথ ককাইদেওৰ ঘৈণীয়েক মোৰ বৌ, ল’ৰা এটা জন্ম হোৱাৰ পিছত ঢুকাল। বৰ বেজাৰ লাগিল।

 ২৬ অক্টোবৰ—ডিবুৰুগড় এৰি শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাৰে সৈতে তেওঁলোকৰ চাহ-বাগিচা তামোলবাৰীলৈ গলোঁ। তাত শ্ৰীযুত বিষ্ণু আগৰৱালাক লগ পালোঁ। তাত বৰ সুখেৰে ৩০ অক্টোবৰলৈকে আছিলোঁ। ৩০ তাৰিখে শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাৰে সৈতে ডিগবৈলৈ গলোঁ। তাত মোৰ ককাইদেও শ্ৰীযুত জষকৃষ্ণ বেজবৰুৱা আছিল। এৰাতি তেওঁৰ তাতে আছিলোঁ।

 ৩১ অক্টোবৰ—ডিবুৰুলৈ উভতি আহি চন্দ্ৰকুমাৰ আগৰৱালাৰ ঘৰত থাকিলোঁ। আগৰৱালাৰ মাকে মোক বৰ মৰম কৰি ৰাখিলে। তেওঁ মোৰ গৃহিণীলৈ পাটৰ ৰিহা-মেখেলা আৰু কাপোৰ দিলে। মোকো কাপোৰ দিলে। মোৰ “হৰিভকত“ শ্ৰীকমলাকান্ত ভট্টাচাৰ্য্যক তাতে লগ পালোঁ।

 ২ নবেম্বৰ—ডিবুৰু এৰি ৰাতি ডাক জাহাজত শুলোঁহি , কাৰণ পুৱায় জাহাজ ভটীয়াই যাব। শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাও মোৰ লগতে। জাহাজখনৰ নাম “বজাৰ্ড” (Buggard)। আগৰৱালা তেজপুৰত নামিব। অহাৰ আগতে ককাইদেও শ্ৰীযুত জগন্নাথ বেজবৰুৱাৰ তাত ভাত খাই আহিলোঁ।

 ৪ নবেম্বৰ—শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা তেজপুৰত নামি গ’ল। মই গুৱাহাটীৰ জাহাজ-ঘাট এৰাৰ আগতে ২-৩ মিনিটৰ নিমিত্তে হেমচন্দ্ৰ গোহাঁইক আকৌ লগ পাইছিলোঁ। সৰহ সময় কথা-বাৰ্ত্তা পাতিবলৈ নাপাই বেয়া লাগিল।

 ৬ নবেম্বৰ—গোৱালন্দ ঘাট। ৰেল আহোঁতে পোৰাদহ স্টেশ্যনত ই. বি. আৰৰ চিফ্‌ ইঞ্জিনিয়েৰ আৰু এজেন্ট ৰায়বাহাদুৰ বলৰামক তেওঁৰ চেলুন গাড়ীত দেখিলোঁ। তেওঁ আগ্ৰহকৈ মোক তেওঁৰ গাড়ীত তুলি ললে। শিয়ালদহলৈকে