পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
দ্বিতীয় আধ্য়া

হৈছে সুধি, জানি, মন পতিয়াই, তেওঁ মোলৈ আৰু এটা সুতুলি সাজি ৰ’দত শুকাবলৈ দিলে। সেইদিনাই আবেলি মই মোৰ হেৰোৱা নিধি নতুন সুতুলি লাভ কৰিলোঁ। অনতিবিলম্বতে সুতুলিৰ ভিতৰেদি সমুখিত আনন্দৰ কৰুণ সুৰে দিমণ্ডল মুখৰিত কৰিবলৈ ধৰিলে। দুখৰ বিষয়, এই সুতুলিৰো পৰমায়ু, সৰহখিনি পৰ নাছিল; কংসাৱতাৰ ককাই সংবাদ পাই পুনৰ্জন্ম লাভ কৰা সুতুলিটিকো পূৰ্বৱতে শিলত আফালি বধ কৰিলে। এইবাৰ তেওঁ আৰু; এখোজ আগবাঢ়ি সুতুলিব জন্মদাতা দুৰ্গেশ্বৰ শৰ্মাক বিশেষকৈ কৈ দিলে, যেন তেওঁ আৰু মোক ন-কৈ সুতুলি সাজি নিদিয়ে। ফলত, সুতুলি-সৃষ্টিৰ আদ্যাশক্তি নিষ্ক্ৰিয় হ’ল। কিন্তু উপায়হীনৰ উপায়দাতা সহায় হ’ল , মোক তেওঁ নতুন বাট উলিয়াই দিলে। মই আমাৰ ঘৰব লগুৱা ল'ৰা এটাৰ শৰণাপন্ন হলোঁ; সি মোক দ্বিতীয় শ্ৰেণীৰ সুতুলি এটা সাজি দিলে। কিন্তু যদিও পুনৰাগত এই সুতুলিত আগৰ দুটাৰ দৰে finish অৰ্থাৎ কাৰিকৰী নাছিল, আৰু; যদিও তাৰ “গলা সুৰ-সুধা” নাছিল, তথাপি এই কণা মোমায়েই মোৰ অনেকখিনি অভাৱ পূৰণ কৰিলে। মই তাক হেপাহ পলুৱাই বজাই অতি সংগোপনে লুকাই থলোঁ। কিন্তু কংসৰ চোৰাংচোৱাৰ তীক্ষ দৃষ্টি সি অতিক্ৰম কৰিব নোৱাৰিলে; কোনো চৰিয়াৰ সহায়েৰে ককাই সেই গুপ্ত নিধি আবিস্কাৰ কৰি লুপ্ত কৰি দিলে। অনুসন্ধানৰ ফলত ককাৰ জ্ঞানোদয় হ’ল যে, এইবাৰৰ সুতুলিৰ জন্মদাতা দুৰ্গেশ্বৰ শৰ্মা নহয় , আমাৰ লগুৱা ল’ৰাটোহে। তাক তেওঁ মাতি আনি কাৰাকৈ ডাবি দি ক'লে যে ভৱিষ্যতত সি যেন আৰু তেনে দোষাবহ কাম নকৰে। মই বাট এন্ধাৰ দেখি দুখত দুদিন নিৰুৎসাহ হৈ বহি আছিলোঁ। হঠাৎ বিজুলী মৰাৰ দৰে মনলৈ উছাহ আহিল; মই ভাবিলোঁ, মইনো নিজ হাতে সুতুলি এটা সাজি নলওঁ কিয়? যেনে ভাবোদয়, তেনে কাৰ্য। লৰি গৈ শৰ্মাৰ ঘৰৰপৰা কুমাৰ-মাটি এসোপা সংগ্ৰহ কৰি আনি সুতুলি সাজিবলৈ লাগি গলোঁ। প্ৰথম চেষ্টা বিফল হ’ল। দ্বিতীয় চেষ্টা সফল-বিফলৰ মাজতে ৰ’ল। তৃতীয় চেষ্টাত কৃতকাৰ্য হলো। একপ্ৰকাৰ চলি যাব পৰা সুতুলি এটা মই স্বহস্তে নিৰ্মাণ কৰি পেলালোঁ আৰু ফুৱাই তাৰপৰা মাতো উলিয়ালোঁ। কৃতকাৰ্যতাৰ সফলতাত মোৰ মন উৰুলীকৃত হ’ল। দুপৰীয়া ককাই ভাত খাই উঠি শোৱাপাটীত পৰি নিদ্ৰাক আহ্বান কৰি আছিল, এনেতে হঠাৎ সুতুলিৰ সুৰৰ ৰাম-নাম তেওঁৰ কাণত পৰিল। তেওঁ উত্তেজিত হৈ একে চাবেই উঠি মোৰ ফালে চোচা ললে , মই দিলোঁ লৰ। মোক সৰহ দূৰলৈ খেদি যোৱাটো নিষ্ফল বুজি তেওঁ আঁতৰৰপৰা ৰিঙিয়াই শাসন কৰি ক'লে—“বাৰু, আজি ডাঙৰীয়া কাছাৰীৰপৰা আহক, কোবত তোৰ পিঠিৰ ছাল তোলাম।” এই শাসন-বাক্য শুনি মোৰ মন দমি গ'ল, মই কিছুমান বেলিৰ মুৰত উভতি আহি, তেওঁৰ হাতত মোৰ বুকুৰ বান্ধ সুতুলিটো সমপণ কৰি কাবৌ কৰি ক’লো, “ককা প্ৰসন্ন হোৱা! এইটো সুতুলি; তুমি তাক শিলত আফালি চুচুৰ্মৈ কৰা বা যি মন যায় কৰা; মই আৰু, সুতুলি নবজাওঁ।”

 বিদ্যাৰম্ভ। এদিন শুনিলোঁ, মোৰ বিদ্যাৰম্ভ কৰা হব। মোৰ মহানন্দ মিলিল