পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
দ্বিতীয় আধ্যা

সি আমাৰ ঘৰতে থাকি লগুৱা কাম কৰি আদহীয়া হৈছিল, তথাপি দৈৱ-দুৰ্ব্বিপাকত তাৰ বিয়া হোৱা নাছিল। সি বয়সত মোতকৈ চাৰি গুণমান ডাঙৰ আছিল দেখি মই তাক ‘মনপুৰ কাই’ অৰ্থাৎ ককাই বুলিছিলোঁ আৰু মোৰ সমনীয়া তৰপৰ ল'ৰায়ে সেইদৰে তাক মাতিছিল। শেহত সি তাৰ কপালৰ ওপৰত ইমান disgusted অৰ্থাৎ বিৰক্ত হৈ উঠিছিল যে আমি তাক কেতিয়াবা বিয়াৰ কথা ক'লে, সি একে আষাৰেই খাটাংকৈ উত্তৰ দিছিল আমাক ছোৱালী নেলা।” “নেলাটো” “নেলাগে” ৰ সংক্ষিপ্ত সংস্কৰণ। উপমাটো যদিও মোৰ গাত সমুলি নাখাটে, তথাপি তাৰ মুখৰ কথাষাৰ শিকি থৈছিলো।

 গুৱাহাটীৰ ৰাধাচৰণ বৰুৱাৰ ভায়েক উমাচৰণ বৰুৱা তেতিয়া কিছুদিন কলিকতাবাসী হৈ আছিল। ৰাধাচৰণ বৰুৱাই অসম এৰি কিছুকাল গুপ্তভাৱে থাকি আৰ, চি, বেঞ্জামিন নাম লৈ দিল্লী প্ৰভৃতি ঠাইত ব্যৱসায়-বাণিজ্য কৰি আছিল। অনেক কালৰ পিছত তেওঁ দেখা দিছিল আৰু ভায়েক উমাচৰণ বৰুৱাক তেওঁ ব্যৱসায় সম্পৰ্কত আনি কলিকতাত থৈছিল। উমাচৰণ বৰুৱা বৰ সাদৰী মানুহ আছিল আৰু তেওঁ মোক বৰ ভাল পাইছিল। কলিকতাৰ ডাঙৰ ডাঙৰ বাঙ্গালী মানুহেৰে সৈতে তেওঁৰ জনা-শুনা আছিল। মুখাৰ্জ্জী উপাধিধাৰী ডাঙৰ মানুহ এজনেৰে সৈতে তেওঁ কলিকতাত একেলগে পঢ়িছিল আৰু বন্ধুত্বও কৰিছিল। উমাচৰণ বৰুৱা কলিকতাৰ ‘চাৰ্কুলাৰ ৰোড’ত এটা ভেৰোণীয়া ঘৰত আছিল, যদিও তেতিয়া তেওঁ বিবাহিত। মই সততে তেওঁৰ ঘৰলৈ গৈছিলো। এদিন বৰুৱাৰ বন্ধু মুখাৰ্জ্জীৰে সৈতে তাতে মোৰ চিনা-পৰিচয় হৈছিল। তাৰ দিনচেৰেকৰ পিছত উমা বৰুৱাই হাঁহি হাঁহি মোক ক'লে, “মুখাৰ্জীৰ দুজনী বিবাহ-যোগ্য ছোৱালী আছে, আৰু মুখাৰ্জ্জীয়ে বিযা দিবলৈ দৰা বিচাৰি ফুৰিছে। তোমাক দেখি তেওঁৰ বৰ পছন্দ হৈছে। তেওঁ তোমাক আতি-গুৰি সুধি লৈ তেওঁৰ এজনী ছোৱালী তোমাকে বিয়া দিব খুজিছে; ধন-বস্তুও খুব দিব। তোমাৰ কি মত?” কথাটো শুনি মই চমক্ খাই গ'লো। ভাবিলো, কি বিপদ। বিয়াৰ নামত দুষ্টগ্ৰহে মোক নেৰা হ’ল দেখিছো। মোৰ সোঁৱৰণীখনকে এবাৰ কাৰবাৰ হতুৱাই চোৱামনেকি?

 বৰুৱাৰ সেই কথাষাৰ পাতলাই দিলো। তাৰ পাছতো কিছুমান দিনলৈকে বৰুৱাৰ সেই কথাটো মোৰ কাণত কুহুলিয়াই আছিল। যেতিয়া তেওঁ খাটাংকৈ বুজিলে যে “মিঞা গৰৰাজী” তেতিয়া তেওঁ “চহৰকা কাজী”ৰ বাবটো ইস্তফা দি পেলালে। সিফালে আসামৰপৰাও থাকি থাকি, বিয়াৰ প্ৰস্তাৱবোৰ নানান বাটেদি মোৰ কাষলৈ আহিবলৈ ধৰিলে। মই কিন্তু অচল-অটল ‘ৰক অৱ-গ্ৰিৱেল্টৰ।’ আইন আৰু এম, এ, পঢ়াত মুৰ পুতি লাগিলোঁ। তথাপি সৈ কাঢ়ি কওঁ যে চৌব্বিশ-পঁচিশ বছৰীয়া ডেকা মই, ওপৰা-ওপৰিকৈ বিয়াৰ সুখৰ প্ৰলোভনৰ ঢৌৱে এইদৰে মোৰ মনভেটিৰ তলখন খান্দি কিছু পৰিমাণে হেলেক্‌লেক্‌ কৰি পেলাইছিল।