পৃষ্ঠা:মেঘনাদ সাহা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিচ্ছিন্ন হোৱা পৰমাণুবোৰ ধনাত্মক আয়নলৈ ৰূপান্তৰিত হয়। ইয়াকেই তাপজনিত আয়ণীকৰণ (Thermal lonization) বোলা হয়।

 অধ্যাপক সাহাই পৰীক্ষা কৰি দেখিলে যে যিকোনো এটা মৌলিক পদাৰ্থৰ ক্ষেত্ৰত উষ্ণতা বৃদ্ধিৰ লগে লগে পোহৰ বৰ্ণালীত অনায়নিত (Un-ionised) মৌলৰ বৈশিষ্টস্বৰূপ কেতবোৰ ৰেখা ক্রমশঃ অস্পষ্ট হৈ থাকে। আনহাতে আয়নিত মৌলৰ বৈশিষ্টস্বৰূপ বিপৰীত কেতবোৰ ৰেখা ক্ৰমশঃ সুস্পষ্ট হৈ থাকে।

বার্লিনত মেঘনাদ সাহা (১৯২১)

 উল্লেখযোগ্য যে, পৰমাণুৰ পৰা ইলেকট্রন বিচ্ছিন্ন হোৱাৰ সময়ত, যি বলে ইলেকট্রনবোৰ পৰমাণু কেন্দ্ৰৰ লগত বান্ধি ৰাখিছিল, সিও এক ধৰণৰ বাধাৰ সৃষ্টি কৰে। এই বাধা অতিক্ৰম কৰিব পাৰিলেহে ইলেকট্রন এটা তাৰ কক্ষপথৰ পৰা বিচ্যুত হ'ব পাৰে। ইয়াকেই আয়নন বিভৱ (Ionization Potential) বোলা হয়। বিভিন্ন পদাৰ্থৰ ক্ষেত্ৰত এই বিভৱৰ মান বিভিন্ন৷ সেয়েহে আয়নন বিভৱ অতিক্ৰম কৰিবলৈ হ'লে বিভিন্ন ক্ষেত্ৰত বিভিন্ন পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয়।

 তাপগতি বিজ্ঞানৰ লগত তেতিয়াৰ সদ্য-আবিষ্কৃত কোৱান্টাম তত্ত্বৰ সংযোগ ঘটাই ১৯২০ চনত অধ্যাপক সাহাই এনে এটি সূত্র আৱিষ্কাৰ কৰিলে,