পৃষ্ঠা:মেঘনাদ সাহা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 


 

বিজ্ঞান বিশ্বত
ব্যুৎপত্তি



 কলিকতা বিশ্ববিদ্যালয়ত শিক্ষকতা কৰি থকা সময়ছোৱাতে অধ্যাপক সাহা বিখ্যাত জার্মান বিজ্ঞানী নাৰ্নষ্টৰ গৱেষণাৰ প্রতি আকৃষ্ট হয়। নাৰ্নষ্টৰ গৱেষণাৰ বিষয় আছিল ৰাসায়নিক বিক্ৰিয়াত চাপ আৰু তাপৰ পৰিমাপ কৰা আৰু বিক্ৰিয়াৰ হাৰ নিৰ্ণয়ত চাপ আৰু তাপৰ প্ৰভাৱ নিৰ্ণয় কৰা। অধ্যাপক সাহাই তেওঁৰ বৈজ্ঞানিক দূৰদৃষ্টিৰ ফলত আয়নন মাত্ৰাৰ লগত চাপৰ যে এক গভীৰ সম্পৰ্ক আছে সেই কথা বুজিব পাৰিছিল।

 মেঘনাদ সাহাৰ আটাইতকৈ উল্লেখযোগ্য মতবাদটো ‘তাপজনিত আয়নন তত্ত্ব' (Theory of Thermal Ionisation) বা 'সাহা আয়নন তত্ত্ব’ ৰূপে সমগ্র বিশ্বতে প্রসিদ্ধ। তেওঁৰ এই তত্ত্ব জ্যোতিপদার্থ বিজ্ঞানৰ দহটা মহৎ আৱিষ্কাৰৰ অন্যতম।

 প্ৰকৃতিৰ যাৱতীয় পদাৰ্থৰ উপাদান ৯২ টা বিভিন্ন প্ৰকাৰৰ পৰমাণু। ইয়াৰ উপৰি গৱেষণাগাৰত আন ১৪ টি অপ্রকৃতিজ আৰু ক্ষণজীৱী পৰমাণুৰ সৃষ্টি কৰা হৈছে। এটা পৰমাণুৰ মধ্যস্থানত থকা প্ৰায় গাঢ় ধৰণৰ বস্তুটোৰ নাম কেন্দ্ৰ (Nucleus)। কেন্দ্র ধনাত্মক বৈদ্যুতিক আধানৰ আকৰ। এই কেন্দ্ৰৰ চাৰিওফালে ঋণাত্মক বৈদ্যুতিক আধানৰ কেতবোৰ ইলেকট্রন বিভিন্ন কিন্তু সুনির্দিষ্ট গ্রহ- পথত ঘূর্ণায়মান। এই ইলেকট্রনবোৰৰ ঋণাত্মক আধানৰ সমষ্টি কেন্দ্ৰৰ ধনাত্মক আধানৰ সমষ্টিৰ সমান। সেয়ে সমস্ত পৰমাণুটি আধানহীন।

 সূৰ্য্যৰ আৱহমণ্ডল যি ধৰণৰ উত্তপ্ত গেছীয় পদাৰ্থৰে তৈয়াৰী, তেনে ধৰণ পদাৰ্থৰ পৰমাণুবোৰ অত্যন্ত গতিশীল হয় আৰু এইবোৰৰ পাৰস্পৰিক সংঘৰ্ষৰ ফলত বহু পৰমাণুৰ পৰা ইলেকট্রন বিচ্ছিন্ন হৈ যায়। ইয়াৰ ফলত ইলেকট্রন