সমললৈ যাওক

পৃষ্ঠা:মেঘনাদ সাহা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাফল্য়ৰ প্ৰথম দহ বছৰ ৯
 

‘ষ্টেটছমেন' কাকতত এখনি গবেষণাপত্র প্রকাশ কৰে। এইদৰে অধ্যাপক সাহাই জ্যোতিপদার্থবিদ্যা, নিউক্লিয় পদার্থবিদ্যা আদি পদার্থবিদ্যাৰ নতুন নতুন দিগন্ত উন্মোচন কৰি ভাৰতত তত্ত্বীয় পদার্থবিদ্যা গৱেষণাৰ বাটকটীয়া হিচাপে নিজকে প্রতিষ্ঠা কৰিবলৈ সমর্থ হয়।

 ১৯১৯ চনতে সাহাৰ ‘বিকিৰণৰ চাপ আৰু কোৱান্টাম তত্ত্ব' শীর্ষক এখনি গৱেষণাপত্র প্রকাশ হয় আৰু ১৯২০ চনত এই বিষয়ৰ উল্লেখযোগ্য অৱদানৰ বাবে অধ্যাপক সাহা অতি কম সময়ৰ ভিতৰতে বিশ্ববিখ্যাত হৈ পৰে।

 মেঘনাদ সাহাই ৰচনা কৰা ‘নাক্ষত্ৰিক বৰ্ণালীত পোৱা ৰেখাসমূহৰ উৎস’ (Origin of Lines in Stellar Spectra) নামৰ গ্ৰন্থখনিৰ বাবে ১৯২০ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ সন্মানজনক গ্রিফিট বঁটা (Griffit Prize) লাভ কৰে। সেইবছৰেই তেওঁৰ যুগান্তকাৰী গৱেষণাৰ ফল ‘সৌৰমণ্ডলৰ আয়নীকৰণ' (Ionization of Solar Chromosphere) আৰু ‘নাক্ষত্রিক বর্ণালীৰ হাভার্ড শ্রেণীবিভাগ' (Harvard Classification of Solar Spectra) প্রকাশ হয়। ইয়াৰ জৰিয়তে মেঘনাদ সাহা অচিৰেই সৰ্বকালৰ বিজ্ঞানীসকলৰ অন্যতমৰূপে পৰিগণিত হয়।