পৃষ্ঠা:মাটিৰ মালিতা.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জীৱন নামৰ বৰ বিহুৱাটো ভাল পাঠক হ’ল। ওচৰৰ চহকী গাঁওখনৰ পঢ়াশলীয়া বন্ধু জগতে আহি এদিন জীৱনক ক’লে জীৱন, তই ভাল পাঠেক বুলি গোটেইখনে জনা হ’ল, মোৰ ঘৰুৱা গোঁসাইঘৰত কিছুদিন কীৰ্তন পাঠ কৰিব লাগে, পাৰিবি নহয়? জীৱনে নোৱাৰো বোলাৰ কথাই নাই, সানন্দে সি সন্মত হ’ল। সাজ লগাৰ আগতেই সি গাটো তিয়াই ভকতীয়া সাজযোৰ পিন্ধি সভক্তিৰে নিজা কীৰ্তন আৰু নামঘোষা একত্ৰ পুথিখনৰ লগতে ঠগীখন জোলোঙা এটাত ভৰাই জগতৰ ঘৰ ওলায়গৈ। পাঠত মানুহৰ সমাগম লাহে লাহে বেছি হ’বলৈ ধৰিলে। দুই এজনে চালুকীয়া ব্যাখ্যাও কৰিবলৈ ধৰিলে। ইতিমধ্যে পথাৰৰ ধান পকিল। এদিন জগতে সকলোকে হাতযোৰকৈ ক’লে, প্ৰভুসকল, পৰহিলৈ এই অভাজনে নাম এভাগেৰে ইমানদিনীয়া পাঠৰ অন্ত পেলাব খুজিছো, অনুগ্ৰহ কৰি সকলোৱে চৰণৰ ধূলি দিবহিবুলি বাঞ্ছা কৰিলো। সাধু সাধু বুলি সকলো ঘৰা-ঘৰি গ’ল। নামৰ দিনা জীৱন কিছু আগতীয়াকৈ জগতৰ ঘৰত উপস্থিত হল। জগতহঁতৰ খেলৰ মেধি দেউৰীসকলে ইতিমধ্যে মাহ-প্ৰসাদ ধোৱা-পখালা আৰম্ভ কৰিছেই। সন্ধ্যাৰ পিছতে নিমন্ত্ৰিতসকল গোট খালে। নাম গোৱাৰ আগতে এক-দুই অধ্যায় পাঠ পঢ়াৰ নিয়ম। জীৱনে নিজা দায়িত্বৰ কথা ভাবি পুথিখনৰ লগতে ঠগীখন উলিয়াব খোজোতেই জগতৰ দৌৰি যোৱাদি গৈ তাক ক’লে, তই আজি নালাগে দে, আমাৰ খেলৰ পাঠেকেই পঢ়িব আজি। কথাটো বুজি নাপাই জগতৰ মুখলৈ যি ভেবা লাগি চাই থাকোতেই কোনোবা দুটামানে সশব্দ ফুচফচনিৰে কোৱা ঠহৰকৈ কাণত পৰিল, নীচ জাতৰটোক আগত লৈ আমি বৈকুণ্ঠৰ নাম ডাকিম নেকি? শিলপৰা কপৌৰ দৰে জীৱন থৰ লাগিল। নামঘৰৰ ডবা কাঁহ-শঙ্খইএকেলগে যেন তাৰ ভিতৰখনত গুম্গু‌মাই উঠিল, অস্ফুট কণ্ঠেৰে কাকূতি ঘোষা এফাকি ওলাল–আনে নুশুনাকৈ—

মঞি দুৰাচাৰ কেৱলে তোমাৰ
অপৰাধী নাৰায়ণ, ক্ষমিয়োক হৰি  লৈয়ো দাস কৰি
পশিলো হেৰা শৰণ। বুকুভগা উচুপনি এটা ভাৰ বৈ জীৱন চন্দ্ৰ হীৰাই আন্ধাৰ বাটেৰে এখোজ-দুখোজ কৈ ঘৰলৈ ঘূৰি আহিল। মাজে মাজে মুখৰ পৰা

হুমুনিয়াহসনা কথা এষাৰ ওলাল— গুৰুজনা, তুমি এয়াহে কৰিলা!

৯২ মা টি ৰ মা লি তা