সমললৈ যাওক

পৃষ্ঠা:মহাসতী জয়মতী.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
মহাসতী জয়মতী।


শলাল গোহাঁয়েও যিমান পাৰে সৈন্য-সামান্ত দি সহায় কৰিলে। ইপোনে ৰাজধানীৰ অৱস্থা অতীৱ শোচনীয় হৈ উঠিল। প্ৰজাৰ ধন-প্ৰাণ অব্যৱস্থিত-চিত্ত লৰা ৰজাৰ মইমতালিৰ ওপৰত নিৰ্ভৰ কৰিছিল। ভডা-ডাঙৰীয়া আৰু বিষয়া সকলোৱে লৰা ৰজাৰ বিপক্ষে যোগ দিলে। যেতিয়াই গদাপাণি সসৈন্যে গড়গাওঁলৈ আহিছে বুলি জানিব পাৰিলে, জুমে জুমে প্ৰজাবৃন্দ তেওঁৰ সৈন্য ভুক্ত হল। গড়গাওঁৰ ওচৰতে গদাপাণি আৰু লৰা ৰজাৰ সৈন্য ভেটাভেটি হ’ল। দুয়োদল দুফালে ৰণ কৰিবলৈ উদ্যত হ’ল। লৰা ৰজাই স্বয়ং ৰণৰ অধিনায়ক স্বৰূপে যুদ্ধ পৰিচালনা কৰিছিল। সিফালে গদাপাণি, বন্দৰ বৰফুকন আৰু শলাল গোহাঁই থিয় হৈ তেওঁবিলাকৰ সৈন্যবিলাকক উদগনি দিছিল ৷ চাওঁতে চাওঁতে গদাপাণিৰ সৈন্যৰ সংখ্যা শাওণমহীয়া ঢলৰ দৰে বাঢ়ি আহিল। লৰা ৰজাই গতি-গোত্ৰ দেখি বিভ্ৰাট গণিলে। তেনেতে তেওঁ জয়মতীৰ ছায়ামূৰ্ত্তি গদাপাণিৰ সৈন্য দলৰ ওপৰত আকাশ-মণ্ডলত দেখিবলৈ পালে! তেওঁ নিস্তেজ হৈ পৰিল। যুদ্ধ আৰম্ভ হ’ল, কিন্তু অলপ সময়তে লৰা ৰজাৰ সৈন্যদল ফৰিং-চিটিকা দি পলাবলৈ ধৰিলে। লগতে লৰা ৰজাও পলাই গা ৰক্ষা কৰিলে। ডাঙৰীয়া আৰু বিষয়া সকলোৱে গোট খাই গড়গাওঁৰ বৰচৰাতে ১৬০৩ শঁকৰ চ’ত মাহতে গদাপাণি কোঁৱৰক ৰজা পাতিলে। তেতিয়াৰেপৰা তেওঁৰ নাম গদাধৰ সিংহ হ’ল। ১৬০১ শঁকৰ চত মাহত