পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


শূকৰ ৰূপে হিৰণ্য বিদাৰি.
 দেৱভয় কৰো ত্ৰাণ।
সোহি হৰি তেৰি কৰতু নিত্য
 মুকুতি মঙ্গল বিধান॥

(কে গো: নাট)

পৰম ঈশ্বৰ কৃষ্ণ দেৱ ভগৱন্ত।
আপুনি সৱাতো কৰি প্ৰকাশ ভৈলন্ত॥
দ্বেবকৰে কৃষ্ণক নুহিবা স্নেহ কৰে।
এতেকতে কৃষ্ণৰ সাৰূপ্য পাৱে নৰে॥

(ৰত্নাকৰ, ৩৪৬)

হোৱে অতি চিত্ত  বিষয় আকাৰ
 বিষয়ক ধ্যান কৰি।
সেহিমতে মোৰ স্বৰূপ পাৱয়
 চিত্তে মোক সদা স্মৰি॥

(ৰত্নাকৰ, ৩৭৯)

দুৰাচাৰ ভক্তে মুকুতি পাৱয়
 কহিলো আক নিশ্চয়।
সদাচাৰ ভক্তে মুকুতি পাইবেক
 কিকৈবে আত লাগয়॥

(ৰত্নাকৰ, ৬৬০ )