পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
মহাপুৰুয শঙ্কৰদেৱৰ বাণী


৯। নলাগে লীন মুকুতিকো তথা।
 নাহি হৰি পদ পঙ্কজ যথা।

(কীৰ্ত্তন, ১১৪ )

১০। ধৰ্ম্ম কৰ্ম্ম কাম   যিটো অভিলাষে
   যি চাৱে মোক্ষৰ পথ।
 সিয়ো হৰিনাম   কীৰ্তন কৰিসে
   পাৱে সৰ্ব্ব মনোৰথ।৷

(কীৰ্ত্তন, ২০২)

১১৷ মোক্ষ দ জগত ঈশ্বৰ।
 কৰো পড়ি প্ৰণাম কিঙ্কৰ॥
 দুনাই দুনাই কৰো নমস্কাৰ।
 কৰা প্ৰভু আমাক উদ্ধাৰ।৷
 তুমি দিয়া ভুকুতি মুকুতি।
 কৰো সেৱা সেহিসে যুগুতি।

(কীৰ্ত্তন, ২২৪১-৪২ )

১২ দেৱৰো ঈশ্বৰ হৰি  তান্তে মহা যত্ন কৰি
  লৱে এক শৰণ সাক্ষাত।
 যাৰ ইচ্ছা মোক্ষ পাইবে নলাগে দূৰক যাইবে
  আছা হৰি সবাৰ হিয়াত।৷

(কীৰ্ত্তন, ২৩২৪)