জাতি আৰু কৰ্ম্মৰ দোষত পতিত আৰু অস্পৃশ্য।
তেনেলোকৰ সংস্পৰ্শত ব্ৰাহ্মণ আদি উচ্চ জাতিৰ
অধোগতি হয়। ইত্যাদি কাৰণ দেখুৱাই ব্ৰাহ্মণক,
সমাজত সৰ্ব্বোচ্চ স্থান দিয়া হৈছে।
কিন্তু প্ৰকৃত পক্ষে পবিত্ৰতা, অপবিত্ৰতা, শুচি, অশুচি আদি সকলো ভাব মানসিক বিকাৰ মাথোন। ভেদাভেদ ভাৱ মায়াৰপৰা উদ্ভূত মহাভ্ৰম ভিন্ন আন একো নহয়। ব্ৰাহ্মণাদি কুলত জন্মিলেই মানুহে শ্ৰেষ্ঠত্ব লাভ কৰিব নোৱাৰে। ই অসম্ভৱ। উচ্চ কুলত জন্মি উৎকৃষ্ট গুণ আৰু কৰ্ম্মাদি দ্বাৰা যি মানুহে নিজৰ উৎকৰ্ষ সাধিব নোৱাৰে সি কেতিয়াও শ্ৰেষ্ঠত্ব লাভ কৰিব নোৱাৰে। গুণেই মানুহক উচ্চ-নীচ কৰে। যিলোকে আনক নিজতকৈ নীচ বুলি ভাবে আৰু যোনে নিজক আনতকৈ শ্ৰেষ্ঠ বুলি অহঙ্কাৰ কৰে—তাৰ মহত্ব ক’ত? গৰ্ব্ব সৎগুণৰ পৰিচায়ক নহয়। যি লোক বাস্তৱিকে গুণহীন, সি গৰ্ব্বত নিজৰ মিছা গুণৰহে প্ৰচাৰ কৰে। গুণবান লোক বিনয়ী আৰু গৰ্ব্ব-শূন্য; তেওঁ সজ আচৰণৰ- দ্বাৰা সকলোৰে মনত সন্তোষ দিয়ে। গুণবানলোকে শত্ৰুৰ প্ৰতিও সদাশয়তা প্ৰকাশ কৰে। অবিনীত মহা- পণ্ডিতলোককো গৰ্ব্ব আৰু অহঙ্কাৰৰ বাবে সকলোৱে ঘিণ কৰে। তাৰ বিদ্যাবুদ্ধি নিস্ফল। বিদ্যাৰ পৰাই প্ৰকৃত জ্ঞান নহয়। প্ৰকৃস্ত জ্ঞান নহলে বিদ্যাৰ সাৰ্থকতা নাই।