পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


পবিত্ৰ ধৰ্ম্ম লৈ “আতা’’ (= পৰম ভাগৱৎ) ৰ শ্ৰেণীলৈ উঠিছিল। আৰু সকলোৰে মান সৎকাৰ পাইছিল এই উদাৰ নীতি আন দুই এক বৈষ্ণব সম্প্ৰদায়ৰ মাজতো কিছু পৰিমাণে চলিছিল বুলি জনা যায়। বাণীৰ টোকাত তাৰ আভাস দিয়া হৈছে। দক্ষিণাত্যত তিৰুপ্পান আলোৱাৰ চণ্ডাল জাতিৰ লোক হৈয়ো ব্ৰাহ্মণৰ পূজণীয়: হৈছিল। আজি-কালি ভাৰত-গুৰু মহাত্মা গান্ধীৰ উপদেশ মতে হৰিজনসকল ভাৰতৰ দেৱ-মন্দিৰবোৰত প্ৰবেশাধিকাৰ লাভ কৰিব ধৰিছে। অসমত এই অধিকাৰ পাঁচ শ বছৰ আগৰপৰা চলি আহিছে।

 জাতি-ভেদ কি? উৎকৃষ্ট জাতিৰ মানুহে অপকৃষ্ট জাতিৰ মানুহক চুলে চুৱা যায়। তেনে মানুহৰ সংস্পৰ্শত উচ্চ বৰ্ণৰ পৱিত্ৰ দেহ অশুচি হয়। দ্বিজাতি কুলত জন্ম ধৰি দেহীয়ে পৱিত্ৰতা লাভ কৰে। সেই নিমিত্তে মানব সমাজত দ্বিজাতিয়ে বৰ্ণগত শ্ৰেষ্ঠত্ব লাভ কৰিছে। বৰ্ণ বিভেদৰ নিমিত্তেই ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ আদি জাতি-বিভাগ সমাজৰ স্বাভাৱিক বিধান। বৰ্ণৰ শ্ৰেষ্ঠত্ব অনুসাৰে মানুহৰ মাজত জাতি নিৰ্ণয় হৈছে। এনেকৈ শূদ্ৰতকৈ বৈশ্য শ্ৰেষ্ঠ, বৈশ্যতকৈ ক্ষত্ৰিয় শ্ৰেষ্ঠ আৰু ক্ষত্ৰিয়তকৈ ব্ৰাহ্মণ শ্ৰেষ্ঠ। এই শ্ৰেষ্ঠত্ব মানুহৰ গুণ আৰু কৰ্ম্মৰ দ্বাৰা নিৰ্ণীত হয়। চণ্ডাল, ম্লেচ্ছ আদি