পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।


যেন ঘট ভাগি গৈলে ঘটৰ আকাশ।
আকাশতে লীন যায় নাহি তাৰ নাশ॥
জনম মৰণ ইটো দেহেৰেসে ধৰ্ম্ম।
মনে স্ৰজে জীৱৰ শৰীৰ গুণ-কৰ্ম্ম॥
মনকো মায়ায়ে স্ৰজে জানা সাৰে সাৰ।
ভ্ৰমৰ কাৰণে হোৱে জীৱৰ সংসাৰ॥
তৈল মানে শলা-বহ্নি সংযোগ যাৱত।
দীপ হেন বুলি তাৱে প্ৰকাশে লোকত॥
দেহ মন কৰ্ম্ম আত্মা যাৱত সংযোগ।
তাৱে জীৱ নাম থাকে দুঃখ কৰে ভোগ॥
দেহ-কৰ্ত্তা মনৰেসে জানিবা সংসাৰ।
জনম-মৰণ একো নাহিকে আত্মাৰ॥
যেনে অসংযোগে গুচে দীপৰ প্ৰকাশ।
মহা জ্যোতিৰূপে অগনিৰ নাই নাশ॥
যত পৰমাৰ্থ তত্ত্ব কৰিলো বিদিত।
হেন মনে মানা তুমি স্থিৰ কৰি চিত্ত॥
মই পৰমাত্মা আৰ নাহিকে সন্দেহ।
দেহতেসে আছো মঞি নুহি ইটো দেহ॥
যি মই সেহি ব্ৰহ্ম জানা হেন মনে।
যি ব্ৰহ্ম সেই মঞি বোলা সৰ্ব্বক্ষণে॥
এতেকে গুচিবে শোক-মোহ মহাৰথ।
কহিলো তোমাত ইটো ব্যৱহাৰ পথ॥

(দ্বাদশ, ২০৪-২১০)