পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

 ২৷ শুনা সৰ্ব্বজন শঙ্কৰে কহে।
 চিৰকাল ইটো দেহা নৰহে॥
 হাটে বাটে কৈত মিলে মৰণ।
 সদায় নেৰিবা হৰি চৰণ। (কীৰ্ত্তন, ১৫২৪)

 ৩৷ মনু্ষ্যাদি চতুৰ্ব্বিধ প্ৰাণীৰ দেহত।
 জীৱৰ সহিত প্ৰাণ থাকে অবিৰত॥
 দেহৰ আছয় দোষ ব্যভিচাৰ সিদ্ধ।
 কতো বাল্য কতো বুৰা কতো হোৱে বৃদ্ধ॥
 দেহতে থাকয় প্ৰাণ নাহি ব্যভিচাৰ।
 সেহিমতে নাহি ইটো আত্মাৰ বিকাৰ॥

(নিমি নৱসিদ্ধ, ১৯৩–১৯৪)

⸻ ⸻

দেহ আৰু আত্মা

 ১৷ নাহি জন্ম পুৰ্ব্বতো অদ্যাপি নোহো জাত।
 অজৰ অমৰ তুমি আত্মাসে সাক্ষাত॥
 দেহাৰেসে ধৰ্ম্ম ইটো জনম-মৰণ।
 দেহাতেসে হন্তে হোৱে দেহ উতপন্ন॥
 দেহাতেসে আছা মাত্ৰ তুমি দেহে হীন।
 যেন অগ্নি থাকন্তে কাষ্ঠত কৰি ভিন॥