পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।


৯৷ মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত।
 দুহানো মধ্যস্থভাৱে আছা ভগৱন্ত॥

(প্ৰথম, ৬৫)

১০৷ ব্ৰহ্ম পৰমাত্মা ভগৱন্ত এক তত্ত্ব।
 একেৰেসে তিনি নাম লক্ষণ ভেদত॥

(নিমি নৱসিদ্ধ, ১৮১)

১১। সৃষ্টিৰ মধ্যত এক পুৰুষ ঈশ্বৰ॥
 কেৱলে থাকয় হৰি এক ব্ৰহ্ম তত্ত্ব।

(অনাদি পাতন, ৯)

⸻ ⸻

দেহ

১৷ ব্ৰহ্মা আদি কৰি যত আছে প্ৰাণীচয়।
  সমস্তৰে হোৱে নিতে উৎপত্তি প্ৰলয়॥
  কালৰ বেগত যায় দেহৰ অৱস্থা। .
  তাক কেহোঁ তৰ্কিবাক নপাৰে সৰ্ব্বথা॥
  যেন আকাশত চন্দ্ৰ সূৰ্য্য -গতি, কৰে।
  তাক লেখিবাক নপাৰয় একো নৰে॥
  যেন নদী সমস্তৰ জল যায় বহি।
  তথাপি আগতে দেখে নদী আছে বহি॥
  এহিমতে ব্ৰহ্মা আদি কৰি তৰু-তৃণ।
  সবাৰো শৰীৰ ক্ষণে ক্ষণে হোৱে ভিন॥

(দ্বাদশ, ১৫৭-১৫৯)