পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

আকৌ, “নুহিসুখ ৰূপ সিটো দুঃখ নেড়াৱয়।
 এতেকে তুমিসি মাত্ৰ শৰণ নিশ্চয়॥”

(ৰত্নাৱলী, ১১৬৫)



পুনঃ, “কৃষ্ণক এড়িয়া কৰে আশ্ৰয় আনক।
 নাহি মূঢ়মতি আৰ তাহাৰ সমান॥”

(ৰত্নাৱলী, ১১৬৬)।



আকৌ, “তযু পাদপদ্ম ছায়া-ছত্ৰ বিনে তাৰ।
 নাহিকে শৰণ আৰ তাপ এড়াইবাৰ॥”

{ৰত্নাৱলী, ১১৭৪)।



পুনঃ, “তুমিসি পৰম আত্মা শৰণ দায়ক।
 ব্ৰহ্মাদি দেৱৰো তুমি পৰম নয়ক॥

(তথা, ১১৭৭)”

 [১৬২ পৃঃ ] শৰণৰ চাৰি বস্তু —শৰণত চাৰিবস্তু ভুক্ত আছে, অৰ্থাৎ নামত শৰণ, দেৱত শৰণ, গুৰুত শৰণ আৰু ভকতত শৰণ।

 [১৬২ পৃঃ] নাম—বেদতো নাম উচ্চাৰণৰ কথা আছে, যেনে :—

তত্ত্ব স্তোতাৰঃ পূৰ্ৱ্যংযথা ৱিদ ঋতস্য গৰ্ভং জনুষা

পিপৰ্ত্তন্


আস্ব জানন্তো নাম চিদ্বিক্তন মহস্তে ৱিষ্ণোঃ

সুমতিং ভজামহে॥

(ঋক, ১ম, ১৫৬ সূক্ত ৩ মন্ত্ৰ)।