পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 অৰ্থাৎ হে যজ্ঞকাৰী পুৰোহিতসকল! নামে প্ৰশংসা কৰি বিষ্ণুক ভজনা কৰা। তেঁৱে সমস্ত আদি আৰু মূল। তেঁৱেই যজ্ঞৰূপে প্ৰকাশ হয়।

 জৈমিনি মতে ভক্তিত পৰমেশ্বৰৰ নামেই প্ৰধান— “নাম্নেতি জৈমিনি সম্ভৱাৎ।”—-শাণ্ডিল্য সূত্ৰ, ২৷২৷৬১

 বহুত নামৰ আৱশ্যক নাই! ঈশ্বৰৰ সন্তুষ্টিৰ বাবে এক নামেই যথেষ্ট—“ঈশ্বৰতুষ্টেৰেকোহপি ৱলী।”

(শাণ্ডিল্য সূত্ৰ, ২৷২৷৬৩)

মহাপুৰুষ মাধৱদেৱে গাইছে :—

“যাৰ ৰাম কৃষ্ণ নাম  নাৱে ভৱ সিন্ধু তৰি
 পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন  হেনই কৃষ্ণক সদা
 উপাসা কৰোহোঁ হৃদয়ত॥”—নামঘোষা, ২)।

 [১৮১পৃঃ ] দেৱ—এক শৰণ বা নাম ধৰ্ম্মৰ মূল মন্ত্ৰ হৈছে :—

“এক দেৱ, এক সেৱ, এক বিনে নাহি কেৱ।”

সেই এক অব্যক্ত ঈশ্বৰৰ ব্যক্ত ৰূপ শ্ৰীকৃষ্ণই উপাস্য। বিষ্ণু দেৱতাৰ নাম ঋগ্বেদতো পোৱা যায়।

(ঋক ১৷২২।১৯-২২)