এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী
ভৈল বিপৰ্য্যয় অহংবুদ্ধি শৰীৰত।
পাইলা আসি ভেদভয় ভ্ৰান্তি নানামত॥”
( ৰত্নাৱলী, ১৮৯৯০ )
আৰু, “এহি ভক্তি হেতু হৈবে জ্ঞানৰ উদয়।
ইহাত কিঞ্চিত আৰ নাহিকে সংশয়॥
ইহাৰ যুগুতি কহোঁ শুনা কৰ্ণপাতি।
যাহাৰ মায়াত দ্বৈত-ভয় ভৈলা আতি॥
কৰোক ভকতি তান্তে পশিয়া শৰণ।
এতেকে হৈবেক দ্বৈত-ভয় নিৱৰ্ত্তন॥”
( ৰত্নাৱলী, ১৮৫-৮৭)
উপনিষদৰ শাণ্ডিল্য বিদ্যাত কৈছে :—
“সৰ্বং খল্বিদং ব্ৰহ্ম তজ্জলানিতি শান্ত উপাসীত।”
( ছান্দ, ৩৷১৪৷১)
অৰ্থাৎ, এই চৰাচৰ জগৎ নিশ্চয় ব্ৰহ্ম হে। এই জগৎ তেওঁৰপৰা উৎপত্তি হৈছে, তেওঁতে লীন হয় আৰু তেওঁৰপৰা চেষ্টা কৰে। এতেকে শান্ত অৰ্থাৎ ৰাগ-দ্বেষ-শূণ্য হৈ তেওঁকে উপাসনা কৰা!
মাধৱদেৱ পুৰুষেও ইয়াকে ইঙ্গিত কৰিছে :—
“সৃষ্টি-স্থিতি-অন্তকাৰী দেৱ, তান্ত বিনে আন নাহি কেৱ,
জানিবা বিষ্ণুসে সমস্ত জগতে সাৰ॥”
(নামঘোষা, ৫৮৬)