পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


তেৱেঁহে সনাতন শান্তি আৰু সুখ পায় আনে নাপায় *৷ নিৰ্ম্মল অন্তঃকৰণেৰে সৈতে সকলো ভুততে আৰু অপোনাতে আকাশৰদৰে সম্পূৰ্ণ আত্মা ঈশ্বৰক দেখিব। এইদৰে কেৱল জ্ঞান-দৃষ্টি আশ্ৰয় কৰি যোনে সকলো- ভূতকে ঈশ্বৰ-জ্ঞান কৰি অৰ্চ্চনা কৰে আৰু ব্ৰাহ্মণ আৰু চণ্ডাল, সূৰ্য্য আৰু ফিৰিঙ্গতি, অক্ৰূৰ আৰু ক্ৰূৰ— এই সকলোতে সমদৰ্শী হব তেওঁ পণ্ডিত সম্মতা। যোনে সকলো ভূতকে পৰমাত্মা (ঈশ্বৰ) যেন দেখে আৰু ঈশ্বৰক সকলো ভূততে দেখে তেওঁ তাৰপৰা পাপ আচৰণ কৰিৰ নোৱাৰে৷ ‡


  • একোবশী সৰ্ৱভূতান্তৰাত্মা একং ৰূপং বহুধা যঃ কৰোতি

তমাত্মস্থং যেহনুপশ্য়ন্ত ধীৰাস্তেষাং সুখং শাশ্বতং নেতৰেষাম্॥"

(কঠোপনযিদ, ৫৷১২)

“একো দেৱ: সৰ্বভূতেষু গূঢ়ঃ সৰ্ৱব্যাপী সৰ্ৱ ভূতান্তৰাত্মা।
কৰ্ম্মাধ্যক্ষঃ সৰ্বভূতাধিবাসঃ সাক্ষী চেতা কেৱলো নিৰ্গুণশ্চ॥’’

(শ্বেতাশ্বতৰোপনিষদ ৬৷১১)

† ভাগৱৎ, ১১৷২৯৷২২-১৪

‡ যস্ব সৰ্ৱাণি ভূতান্যাত্মানেৱানুপশ্যতি।
সৰ্ৱ ভূতেষু চাত্মানং ততো ন ৱিজুগুপ্সতে॥

ঈশোপনিষদ, ৬৷