পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


“দ্বা সুপৰ্ণৈ সবুজা সখায়া সমানং বৃক্ষং পৰিষস্বজাতে।
তয়োৰন্যঃ পিপ্পলং স্বাদ্বত্ত্যনশ্ন্ন্মন্যো অভি চাকশীতি॥”

(ঋক, ১৷১৬৪৷২০)

 অৰ্থাৎ—শোভন ভাৱে জগৎ-ৰক্ষক, সদাই সংযুক্ত (ব্যাপ্য-ব্যাপক সম্বন্ধত অভিন্ন), সমান আত্ম পদবাচ্য সেই দুই জীৱাত্মা-পৰমাত্মা অনিত্য শৰীৰৰূপ বৃক্ষত সদাই থাকে। তাৰে এটাই অৰ্থাৎ জীৱে সোৱাদ পিপ্পল ফল খায় (অৰ্থাৎ সুখ-দুখৰূপ কৰ্ম্মফল ভুঞ্জে)। আনটোৱে অৰ্থাৎ পৰমাত্মাই সদাই বিবেক প্ৰাৱল্যৰ কাৰণে কোনো ফল নাখায় (অৰ্থাৎ ফলভোগত বিৰক্ত); কিন্তু সাক্ষী- ৰূপে সকলো দেখি থাকে।

 এই মন্ত্ৰ শ্বেতাশ্বতৰোপনিষদতে সন্নিবেশিত হৈছে।

(৪৷৬)

 [ ২৩পৃঃ] ভূত—ভূতৰ অৰ্থ সাধাৰণতে দুটা—(১) পঞ্চভূত অৰ্থাৎ পৃথ্বী, অপ্, তেজস্, বায়ু আৰু আকাশ আৰু (২) ব্ৰহ্মাৰপৰা আৰম্ভ কৰি সামান্য ঘাঁহলৈকে সকলো চৰাচৰ। ইয়াত প্ৰাণী মাত্ৰকে নিৰ্দ্দেশ কৰিছে। যি জ্ঞানীলোকে সকলোৰে স্ৰষ্টা, সকলোৰে নিয়ন্তা আৰু সকলো ভূতৰে অন্তৰ্য্যামী ঈশ্বৰক নিজ আত্মাত দেখে,