পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৭। কৃষ্ণৰ সেৱাত কিছু নাহিকে ভাগৰ।
 নাম মাত্ৰ লৈলে তৰি সংসাৰ সাগৰ॥
 কৃষ্ণ মোৰ বন্ধু কৃষ্ণ সুহৃদ নিশ্চয়।
 কৃষ্ণকেসে পাইলে অনুমাত্ৰ নাহি ভয়॥
 এহি তত্ব জানে যিটো সেহি মহাজ্ঞানী।
 সেহি মহাগুৰু সেহিজন চক্ৰপাণি॥

(প্ৰথম, ১৫৩-১৫৪ )

⸺⸺

ভাগৱত ধৰ্ম্ম বা নাম ধৰ্ম্ম বা একশৰণ ধৰ্ম্ম

১। হুয়া শুচি কৰা নিতে মনক সংযম।
 দিয়া দান সমস্তকে বুদ্ধি কৰি সম॥
 পৰৰ ধৰ্মক নিহিংসিবা কদাচিত৷
 কৰিবা ভূতক দায়া সকৰুণ চিত॥
 হুইবা সান্ত-চিত্ত সৰ্ব্বজনত বৎসল।
 এহি ভাগৱত ধৰ্ম্ম জানা মহাবল॥
(অৰ্জ্জুনৰ প্ৰতি কৃষ্ণ; ভক্তি প্ৰদীপ, ১৪২)

২। ৰহস্যতো ৰহস্য মোহোৰ নাম কৰ্ম্ম।
 ইহাকে বুলিয় মহা ভাগৱত ধৰ্ম্ম॥

(তথা, ১৫১)

৩। ইটো হৰিনাম ধৰ্ম্ম মহা গুহ্যতম।
 ইহাত বিশ্বাস যাৰ সেহি নৰোত্তম॥

১৯—