পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(ঘ) ভকত

১। মই বিনে ভকতে নিচিন্তে কিছু আন।
 ময়ো ভকতক বিনে নজানোহো আন॥

(উদ্ধৱৰ প্ৰতি শ্ৰীকৃষ্ণ; একাদশ, ১৯২৭৮)

২। ভকতেসে মোৰ হৃদি জানিবা নিশ্চয়।
 ভকত জনৰ জানা অমিসে হৃদয়॥
 মঞি বিনে ভকতে নিচিন্তে কিছু আন।
 ভকতত পৰে মঞি নিচিন্তোহো আন॥

(কীৰ্ত্তন, ১৮২৯)

৩। লোভ মোহ কাম ক্ৰোধ বিষয় আক্ৰোশে।
 নোছোৱয় মোৰ ভকতক একো দোষে॥

(একাদশ, ১৯২৮০)

৪। যত তীৰ্থ দেৱ  সবাকো পৱিত্ৰ
 ভকতে কৰে আমাৰ।
 তাৰ পাছ লাগি  ফুৰে যত দেৱ
 শুনা নাম কহোঁ তাৰ।

(অৰ্জুনৰ প্ৰতি শ্ৰীকৃষ্ণ; ভক্তি প্ৰদীপ, ১২৫)

৫। যত নদ-নদী  সিও তীৰ্থ হয়
 শিলৰ প্ৰতিমা দেৱ।
 তে সম্বে পৱিত্ৰ  কৰে যেবে পুনু
 বহু কালে কৰে সেৱ॥