পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮১
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

সনিয়াত মাৰৈ গাণ্ঠি পিন্ধে গলে কাচ কাণ্ঠি
  কোছতে আছন্ত হেমহাৰ।
হাতৰ অমৃত তেজি মৰে যেন বিষ ভূঞ্জি
  ভৈল সেহি পটন্তৰ তাৰ॥
সাধৈ মহা সৰ্বসিদ্ধি ভকতৰ নৱনিধি
  মাধৱৰ অৰুণ চৰণ।
শৰণ লৈয়োক তাত  নিতে ছোৱে আয়ুপাত
 অদ্যাপিয়ো নেদেখা মৰণ॥
আন যত সৱ ধান্ধা  নামক গলত বান্ধা
  মৰণ সম্বল হৰি নাম।
সমৰা বিষয় ভোলে  কৃষ্ণৰ কিঙ্কৰে বোলে
 ঘোষিয়ো সদায়ে ৰাম ৰাম॥

(ভাঃ প্ৰথম, ৮৮-৮৯)

(খ) দেৱ

১। গোবিন্দদেৱ বিনে নাহি কেৱ
  গোবিন্দ দেৱ।

(কীৰ্ত্তন ঘোষা, ৭১)

২। ওবা নৰলোক হৰি ভজিয়োক
  ধৰা ইটো উপদেশ।
 এড়া আলজাল জীবা কত কাল
  জৰা ভৈল পৰবেশ॥

১৬