পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।


৮ । কৃপাময় মহেশ্বৰ অনাথৰ নাথ।
 কৰিছো কাতৰ চৰণত থৈয়া মাথ॥
 মই ভুঞ্জো যদি নিজ কৰ্ম্মৰ বিপাক।
 মোৰ মনে তথাপিতো নেড়োক তোমাক॥
 সদায়ে তোমাৰ ভৃত্যৰ হৌক সঙ্গ।
 এহি দান মাগো নকৰিয়ো আশা ভঙ্গ॥

(দ্বাদশ, ৪৯-৫০)

৯ । তুহু জগতক গুক দেৱক দেৱা।
 তোহাৰি চৰণে ৰহোম মোহি সেৱা॥
 মুখে যোনো ছোড়োহো তুৱা নাম।
 মাগো অতয়ে বৰ তোহাৰি ঠাম॥

(পাৰিজাত হৰণ নাট, পয়াৰ)

১০ । ত্ৰাহি হৰি ৰাম মোৰে।
 মঞি মজিলে সংসাৰ ঘোৰে॥

(কীৰ্ত্তন ঘোষা, ৯)

১১ । ৰাম ৰাম মুকুন্দ।
 ত্ৰাহি ত্ৰাহি গোবিন্দ।

(কীৰ্ত্তন ঘোষা, ২২)

১২ । হে কৃষ্ণ কৰা কৃপা পৰমানন্দ।
 নজানো ভকতি মুঞি মলমতি মন্দ॥

(কীৰ্ত্তন ঘোষা; ৯৭)