পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় অধ্যায়

ভক্তি খণ্ড

ভক্তি যোগ

১। মোহোৰ একান্ত ভকতৰ প্ৰসঙ্গত।
× × × ×
তাসম্বাৰ সঙ্গে যিটো শুনে কৰ্ণ পাতি॥
মায়া নিবৃত্তিৰ পন্থ যিটো মই হৰি।
প্ৰথমতে শ্ৰদ্ধা মোত মিলে শীঘ্ৰ কৰি॥
অনন্তৰে হোৱে ৰতি ভকতি আমাত।
অনুক্ৰমে হোৱে আসি কহিলো তোমাত॥

(ৰত্নাকৰ ভাঃ, ৬৪-৬৫)

২। কৰিয়ো হৰিৰ চৰণে ৰতি।

কলিত হৰিৰ নামেসে গতি॥ |

কীৰ্ত্তন,৫

১৩। হৰিৰ ভকতি ওহি পৰম সম্পদ৷
দহে দোষসব মিলাৱয় মনোৰথ॥

(কেলি গোপাল নাট)