পৃষ্ঠা:মণিকুট.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মণিকুট

বিষ্ণুৰ প্ৰতিমা যোগ্য কোন গোট হয়।
সমস্ত গুণৰে যিটো পৰম আলয়॥
তিনিৰ মধ্যত কোন অতি প্ৰিয়তৰ।
সাদৰে অৰ্চ্চয় যাক দেৱ নিৰন্তৰ॥১৪
কোন মূৰ্ত্তি পৃথিৱীত কৰিলে থাপন।
লোক সমস্তৰ হৈব প্ৰীতি সুশোভন॥
এহি চিন্তি ইন্দ্ৰদ্যুম্ন ভৈলন্ত বিকল।
স্কন্ধ পাৰি ভূমিত শুতিলা মহাবল॥১৫
মাধৱক ধ্যান কৰি চিত কৰি থিৰ।
শয়ন কৰিলা পাছে ৰাজা মহা ধীৰ।॥
এহি ভাৱে ৰজা যদি শয়ন কৰিলা।
জগতৰ গুৰু বাসুদেৱে দেখা দিলা॥১৬
আপোনাক দেখাইলা ৰাজাৰ মন জানি।
পৰম সন্তোষ হুয়া প্ৰভু চক্ৰপাণি॥
স্বপ্নত দেখিলা ৰাজা সিটো দেৱহৰি।
শঙ্খ, চক্ৰ, গদা, পদ্ম, হাতে আছে ধৰি॥১৭
ধনু, বাণ, খড়্গ, চৰ্ম্ম, ধৰি আছা হাতে।
দেৱৰো দেৱতা হৰি জগতৰ নাথে॥
জ্বলন্ত অগনি যেন প্ৰভা অতিশয়।
তাহাতে অধিক কান্তি কৰে অস্ত্ৰচয়॥১৮