পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৬৮ ]

আইৰ পেটৰ পৰা ওলাবৰে পৰা মই এওঁৰ গোলাম খাটি মাথোন কিলৰে হে খাৰ খাইছোঁ। গাত জহ লাগিল, দুটা ভুকুৰেই শীতল কৰি দিলে। জাৰ লাগিল, দুটা কিলেৰে উম লগাই দিলে। শুলোঁ, এটা ভুকুৰেই জগাই দিলে। বহি থাকিলোঁ, এটা ঠিয়া–কিলতে ঠিয় হৈ পড়িলোঁ। কৰবালৈ যাব লাগিলে একে ভুকুতেই ওলাই লৰ মাৰোঁ। এঠাইৰ পৰা আহিলে কিলেৰে হে আগবঢ়াই আনে। মোৰ পিঠিটো জানিবা মগনিয়াৰৰ জোলোঙ্গা হে; দি থাকে, লৈ থাকোঁ। মাৰি মাৰি মুঠেই ঠেঙ্গ এটা ভাঙ্গি দিলেই ৰক্ষা পাওঁ; লাখুটী লৈ তেও ঘৰে ঘৰে মাগি ফুৰিব পাৰোঁ।

 মা, নিৰণ —ৰ! সৌৱা তৰাহঁত আহিছে।

মালতী, তৰা, সোণপাহী আৰু টকৰুৰ প্ৰবেশ।

 মা, কলি—আই! আজিহে আজি; আপোনাৰ ফালে আজি সাঙ্গ! পঘা লগাই লব হে খুজিছে!

 মা, নিৰণ–মনে মনে নাথাক নে?  [ প্ৰহাৰ।

 সোণপাহী– এতিয়া কি কব? আপোনাৰ ডাঙ্গৰীয়া বলিয়া নহয় নে?

 মালতী- তেওঁৰ গতিক চাই মোৰ তেনে মনে ধৰিছে। ওজা! তুমি মন্ত্ৰ-তন্ত্ৰ জৰা-ফুকাত পাৰ্গত; পাৰা যদি এওঁক ভাল কৰি দিয়া চোন, তোমাক যিহকে লাগে মই তাকে দিম।