পৃষ্ঠা:ভ্ৰম-ৰঙ্গ.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৵৹

আশাতে ভৰ দি হে পুথিখন প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ- হঁক। ছপাৰ দোষো ঠায়ে ঠায়ে অনেক আছে, সেইবিলাকৰ কথা কোনোৱে লেখকসকলক জানিবলৈ দিলে তেওঁবিলাকে উপকাৰ মানি তেওঁৰ শলাগ লব। আৰু এই পুথি আকৌ ছপাবৰ সময়ত সেইবিলাক শুধৰালৈ যতন কৰিব। পুথিখনি মূৰত পঢ়োতে কিছু বেয়া লাগিব পাৰে, কিন্তু পাঠকে তাতে নিৰাশ নহৈ ভিতৰ সোমাই মানে ভাল পাই যাব। অন্তত চাইটি গীতো দিয়া হৈছে; গীত কেইটি আমাৰ নিজৰ নহয়, আৰু মূল পুথিতো নাই, জনদিয়েক বন্ধুৱে অনুগ্ৰহ কৰি ৰচি দিছে। তেওঁবিলাকৰ পৰিশ্ৰমৰ বাবে আমি অন্তৰেৰে সৈতে শলাগ লৈছোঁ।

 আৰু শেহত আমি মনৰ প্ৰীতিৰে সৈতে আমাৰ সুযোগ্য লগৰীয়া বন্ধু শ্ৰীযুক্ত শিৱৰাম শৰ্ম্মা বৰদলৈ বি-এ, আৰু যুক্ত লক্ষ্মীনাথ বেজবৰুৱাৰ শলাগ নলৈ থাকিব নোৱাৰোঁ। তেওঁবিলাক দুয়ো এই পুথি আদিৰ পৰা অন্তলৈকে চাই আমাক অনেক উপদেশ আৰু ইঙ্গিত দি সহায় কৰিছে। বিশেষকৈ এই কামত শ্ৰীযুক্ত বেজবৰুৱাৰ উৎসাহ, যত্ন আৰু কাৰ্য- দক্ষতা নোহোৱা হলে এই পুথিখনি ইমান সোনকালে ছপা হৈ নোলালহেতেন।

লেখক—
শ্ৰীৰত্নধৰ বৰুৱা।
শ্ৰীৰমাকান্ত বড় কাকতি।
শ্ৰীগুঞ্জানন বৰুৱা।
শ্ৰীঘনশ্যাম বৰুৱা।